নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রমাৎ শান্ত হৈছে মেঘালয়ঃ সান্ধ্য আইন শিথিল

নিয়মীয়া বার্তা, ৩ মার্চঃ নাগৰিকত্ব সংশোধনী আইন আৰু ইনাৰ লাইন পার্মিটক কেন্দ্র কৰি যোৱা শুকুৰবাৰৰ পৰা মেঘালয়ত সৃষ্টি হোৱা ভয়াৱহ সংঘর্ষ ক্রমাৎ শাম কাটিছে৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ তৎপৰতাত মেঘালয়ৰ পৰিস্থিতি সম্প্রতি নিয়ন্ত্রণলৈ অহা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷

অৱশ্যে দক্ষিণ–পশ্চিম খাচী হিলছ জিলাত সোমবাৰে অজনজাতীয় লোক আৰু খাচী ছাত্র সন্থাৰ মাজত পুনৰ এক সংঘর্ষৰ সৃষ্টি হোৱাৰ বাতৰি প্রকাশ পাইছে৷ এই ঘটনাত এগৰাকী ২৮ বছৰীয়া লোকক একাংশ দুর্বৃত্তই ভগা বটলেৰে আক্রমণ কৰাৰ অভিযোগ উঠিছে৷ সংঘর্ষত অজনজাতীয় ব্যৱসায়ীৰ চাৰিখন দোকান ভস্মীভূত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

ইফালে, ছাত্র–ছাত্রীৰ ব’ড পৰীক্ষাৰ প্রতি লক্ষ্য ৰাখি মেঘালয়ৰ অধিকসংখ্যক জিলাত কালি পুৱা ৬ বজাৰ পৰা সান্ধ্য আইন শিথিল কৰা হৈছে৷ অৱশ্যে নিশাৰ ভাগত এতিয়াও সান্ধ্য আইন অব্যাহত আছে৷

উল্লেখ্য যে খাচী ছাত্র সন্থা আৰু অজনজাতীয় লোকৰ মাজত সংঘটিত এই সংঘর্ষত যোৱা তিনি দিনত তিনিগৰাকী লোকে প্রাণ হেৰুৱাইছে৷

You might also like