নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিও নহ’ল নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ চাৰি নৰপিশাচৰ ফাঁচি

নিয়মীয়া বার্তা, ৩ মার্চঃ পুনৰ স্থগিত হ’ল দেশ কঁপোৱা নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ চাৰি নৰপিশাচৰ ফাঁচি । পৱন কুমাৰ গুপ্তা নামৰ দোষীজনৰ ক্ষমাৰ আবেদন ৰাষ্ট্রপতিৰ ওচৰত পৰি থকা বাবে আজি ফাঁচিৰ হুকুম স্থগিত ৰাখি দিল্লীৰ আদালতৰ অতিৰিক্ত সত্র বিচাৰপতি ধর্মেন্দৰ ৰাণাই পৰৱর্তী নির্দেশ নিদিয়ালৈকে চাৰি দোষীক ফাঁচি দিব নোৱাৰিব বুলি নির্দেশ দিয়ে৷

উল্লেখ্য যে পৱন কুমাৰ গুপ্তা নামৰ দোষীজনে মৃত্যুদণ্ডক যাৱজ্জীৱন কাৰাদণ্ডলৈ শাস্তি হ্রাস কৰাৰ লগতে ফাঁচিৰ হুকুম স্থগিত ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ত জনোৱা কিউৰেটিভ আবেদন সর্বোচ্চ ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে নাকচ কৰে৷

মন কৰিবলগীয়া যে নির্ভয়া কাণ্ডৰ চাৰি দোষী মুকেশ কুমাৰ সিং, পৱন কুমাৰ গুপ্তা, বিনয় কুমাৰ শর্মা  আৰু অক্ষয় কুমাৰক  তিনি মার্চৰ পুৱা ৬ বজাত তিহাৰ কাৰাগাৰত ফাঁচি দিবলৈ মৃত্যু পৰোৱানা জাৰি কৰিছিল৷ ইয়াৰ পূর্বেও ১ ফেব্রুৱাৰী আৰু ২২ জানুৱাৰীত নির্ধাৰিত ফাঁচি আইনী প্রক্রিয়াৰ বাবে স্থগিত ৰাখিছিল দিল্লীৰ আদালতে৷ তিনিবাৰকৈ ফাঁচিৰ হুকুম দিয়াৰ পাছতো আইনী প্রক্রিয়াৰ বাবে চাৰি নৰপিশাচৰ ফাঁচি বিলম্ব হোৱাক লৈ ক্ষোভ প্রকাশ কৰিছে নির্ভয়াৰ মাতৃ আশা দেৱীয়ে৷

You might also like