নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলন মাস্কৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ জুনঃ বিশ্বৰ অন্যতম ধনকুবেৰ তথা স্পেছ এক্স আৰু টেছলা কোম্পানীৰ চিইঅ’ এলন মাস্কৰ বিৰুদ্ধে উঠিছে শিহৰণকাৰী যৌন আতিশয্যৰ অভিযোগ৷ অভিযোগ অনুসৰি, টেছলাৰ দুগৰাকী মহিলাক যৌন আতিশয্য চলাইছিল মাস্কে৷ ইয়াৰ ভিতৰত এগৰাকী ইণ্টার্নীও আছিল৷ ইণ্টার্নী মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি, মাস্কে তেওঁক তেওঁৰ সন্তানৰ মাতৃ হ’বলৈ আহ্বান জনাইছিল৷ এই শিহৰণকাৰী তথ্য সদৰী হৈছে ‘ৱাল ষ্ট্রিট জার্নাল’ৰ এখন প্রতিবেদনত৷ প্রযুক্তি খণ্ডৰ ধনকুবেৰগৰাকীৰ মহিলা কর্মীসকলক আতিশয্য চলোৱাৰ অভিযোগ নতুন নহয়৷ ইয়াৰ পূর্বেও মহিলাসকলক এলএছডি, কোকেইন আদিৰ দৰে ড্রাগ্ছ গ্রহণ কৰিবলৈ বাধ্য কৰাইছিল৷ কর্মক্ষেত্রত সদায় এটি বিদ্বেষমূলক পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে মাস্কৰ বিৰুদ্ধে৷ কিন্তু এই অভিযোগবোৰত এতিয়ালৈকে দোষী সাব্যস্ত হোৱা নাই ধনকুবেৰ মাস্ক৷ শেহতীয়া অভিযোগে আমেৰিকাজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ৷ কিন্তু এই শিহৰণকাৰী অভিযোগ সত্ত্বেও কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই মাস্কে৷

You might also like