নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীমাৰ ৪০ কোটি টকা সৰকাবলৈ মৃত্যুৰ ভুৱা খবৰ প্রচাৰ মহিলাৰ

🔹 বেংকত ধৰা পৰি ৰঙাঘৰত সোমাল অভিযুক্ত

বিশেষ বাৰ্তা, ২৪ জুন : টকাৰ বাবে কি কৰিব নোৱাৰে মানুহে! চুৰি–ডকাইতিৰ পৰা আৰম্ভ কৰি হত্যা কৰিবলৈকে কুণ্ঠাবোধ নকৰে বহু মানুহে৷ কিন্তু টকাৰ বাবে নিজৰ মৃত্যু হোৱা বুলি দাবী কৰাৰ ঘটনা আশ্চর্যজনক৷ নিজৰ মৃত্যুৰ মিছা খবৰ বিয়পাই বীমাৰ প্রায় ৪০ কোটি টকা সৰকোৱাৰ চেষ্টা চলাইছিল অষ্ট্রেলিয়াৰ বাসিন্দা এগৰাকী মহিলাই৷ ইয়াৰ বাবে বহু ভুৱা নথি প্রস্তুত কৰিছিল মহিলাগৰাকীয়ে৷ কিন্তু শেষত সকলো পৰিকল্পনা ব্যর্থ হয়৷ এটা মাল্টি জীমৰ মালিকনী ৪২ বছৰীয়া কাৰেন ছলকিল্ডক প্রতাৰণাৰ অভিযোগত গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ইতিমধ্যে এই সন্দর্ভত আদালতত গোচৰ ৰুজু হৈছে৷ ব্যৱসায়ত কাৰেনৰ সংগীৰ আছিল ৪,৭৭,৫২০ ডলাৰৰ এই বীমা৷ ভাৰতীয় মুদ্রাৰ হিচাপত ৩৯ কোটি ৯০ লাখ দুই হাজাৰ ৯৭৯ টকা৷ কাৰেনৰ বিৰুদ্ধে অভিযোগ অনা হৈছে যে দুর্ঘটনাত নিজৰ মৃত্যু হোৱা বুলি যি তথ্য তথা নথি কাৰেনে মজুত কৰিছিল, সেয়া ভুৱা বুলি প্রমাণিত হয়৷ আনকি মিছাক সত্য বুলি প্রমাণ কৰিবলৈ এখনৰ পিছত এখন জাল নথি জমা দিছিল বীমা সংস্থাৰ কার্যালয়ত৷ ইয়াৰ ভিতৰত আছিল মৃত্যুৰ ভুৱা প্রমাণ–পত্রও৷ প্রাথমিকভাৱে বীমা কোম্পানীটোৱে এই বিষয়টোক লৈ সকলো সত্য বুলিয়েই মানি লৈছিল৷ নির্দিষ্ট বেংক একাউণ্টলৈ কোম্পানীৰ তৰফৰ পৰা ৪০ কোটি টকা প্রেৰণ কৰা হয়৷ সুযোগ বুজি এই বিপুল অংকৰ ধন পর্যায়ক্রমে বেংকৰ পৰা তুলি ল’বলৈ ধৰে কাৰেনে৷ এসময়ত বেংক কর্তৃপক্ষৰ সমগ্র বিষয়টোত সন্দেহ হয়৷ গতিকে সেই একাউণ্টৰ লেনদেন বন্ধ কৰি দিয়ে বেংকে৷ তাৰ পাছতেই তদন্ত কৰি বেংক কর্তৃপক্ষই নিশ্চিত কৰে যে কাৰেনৰ মৃত্যু হোৱা নাই৷ মৃত্যুৰ ভুৱা সংবাদ বিয়পাই বীমা কোম্পানীক প্রতাৰণা কৰিছে মহিলাগৰাকীয়ে৷ যোৱা মার্চ মাহত মহিলাগৰাকীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷

You might also like