অলিম্পিক জয় কৰি পদকত কামোৰে কিয়
🔹 ১৯১২ৰ পূর্বে দিয়া হৈছিল প্রকৃত সোণৰ পদক
বিশেষ বাৰ্তা, ২২ জুলাই : ১৯১২ চন পর্যন্ত অলিম্পিকত পদক বিজয়ীসকলক দিয়া হৈছিল আচল সোণৰ পদক৷ সেই সময়ত বিজয়ীসকলে পদকৰ সোণ নির্ধাৰণ কৰিবলৈ পদকত দাঁতেৰে কামুৰিছিল৷ পদকত সোণ নাথাকিলে তাত দাঁতৰ চিন বহি যায়৷ কিন্তু সোণ থাকিলে দাঁতৰ দাগ নবহে৷ সেইবাবেই প্রতিযোগীসকলে সোণ আছে নে নাই, সেই কথা জানিবলৈ পদক গ্রহণৰ সময়ত দাঁতেৰে কামুৰি চাইছিল৷ অৱশ্যে কোনে প্রথমতে সেই কাম কৰিছিল, তাক জনা নাযায়৷ কিন্তু অধিকসংখ্যক বিজয়ীয়ে পদকত কামোৰ দিয়া দেখা যায়৷ ১৯১২ চনৰ পিছৰ পৰা অলিম্পিকত সোণৰ পদক দিয়া বন্ধ কৰা হয়৷ ষ্টীলৰ পদকৰ ওপৰত সোণৰ পানী ছটিওৱা থাকে৷ সেইবাবে সোণৰ উপস্থিতি নির্ধাৰণ কৰাৰ কোনো কাৰণ নাথাকে৷ কিন্তু লাহে লাহে সেয়া পৰম্পৰাত পৰিণত হৈছে৷ কোনো প্রতিযোগীয়ে পদক লাভ কৰিলেই তাত কামোৰ দিয়া দেখা যায়৷ বহুতে ক’ব খোজে যে অলিম্পিকৰ পূর্বেই যি পৰিশ্রম কৰিবলগীয়া হয়, তাৰ পুৰস্কাৰ এই পদক৷ সেইবাবে পদকত কামোৰ দিয়ে খেলুৱৈসকলে৷ পদকবোৰ আৰু নিজৰ কৰিবলৈ বিচাৰে ক্রীড়াবিদসকলে৷ অন্য এটা কাৰণো অৱশ্যে আছে৷ সেয়া হ’ল পদক লৈ ভাল ছবি তোলা৷ ফেল্পছ, ব’ল্টৰ দৰে কিংবদন্তী ক্রীড়াবিদসকলেও পদক কামুৰি ধৰাৰ ছবি ক্রীড়া অনুৰাগীৰ মাজত স্মৃতি হৈ আছে৷ এতিয়া সেই স্থানলৈ নিজক নিব বিচাৰে তেওঁলোকে৷ যাৰ বাবে জয় কৰাৰ পিছতে কামুৰি চায় নিজৰ পদক৷