নেপালত বিমান দুর্ঘটনা : ১৮জনৰ প্রাণহানি
🔹 ত্রিভুবন আন্তর্জাতিক বিমানবন্দৰৰ পৰা উৰণৰ পাছতেই দুর্ঘটনাত পতিত
বিশেষ বাৰ্তা, ২৪ জুলাই : নেপালৰ কাঠমাণ্ডুৰ বিমানবন্দৰত শৌর্য এয়াৰলাইনছৰ এখন বিমান দুর্ঘটনাত পতিত হৈছে৷ কাঠমাণ্ডুৰ ত্রিভুবন আন্তর্জাতিক বিমানবন্দৰৰ ৰানৱেৰ পৰা উৰণৰ সময়তে শৌর্য এয়াৰলাইনছৰ চিআৰজে ২০০ বিমানখন দুর্ঘটনাত পতিত হোৱাত বিমানখনত থকা ১৯জন যাত্রীৰ ভিতৰত ১৮জনৰ কৰুণ মৃত্যু ঘটে৷ ৰানৱেৰ পৰা উৰণৰ সময়তে বিমানখন দুর্ঘটনাত পতিত হোৱাত বিমানখনৰ একাংশত জুই লাগে৷ বিমানখনৰ পাইলটজন এই ভয়াৱহ দুর্ঘটনাৰ পৰা ৰক্ষা পৰে৷ আহত পাইলটজনক সম্প্রতি চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। বিৱৰণী মতে, আজি পুৱা ত্রিভুবন বিমানবন্দৰৰ পৰা চিআৰজে ২০০ বিমানখন উৰণৰ সময়ত দিনৰ ১১.১১ বজাত দুর্ঘটনাত পতিত হয়৷ বিমানখনত দুজন কর্মচাৰী আৰু ১৭জন টেকনিচিয়ানসহ ১৯জন যাত্রী আছিল৷ নেপালৰ অসামৰিক বিমান পৰিবহণ কর্তৃপক্ষই প্রকাশ কৰা মতে, ত্রিভুবন আন্তর্জাতিক বিমানবন্দৰৰ পৰা পোখৰালৈ উৰণৰ সময়ত বিমানখন দুর্ঘটনাত পতিত হৈছে৷ দেশীয় শৌর্য এয়াৰলাইনছৰ ক্ষুদ্র বিমানখন দুর্ঘটনাত পতিত হোৱাৰ পিছত ১৮জন যাত্রীৰ মৃত্যু হয়৷ সৌভাগ্যক্রমে এই ভয়াৱহ দুর্ঘটনাৰ পৰা প্রাণৰক্ষা পৰা পাইলটজন কেপ্টেইন মনীষ ৰত্ন সাক্য বুলি জনা গৈছে৷ ৩৭ বছৰীয়া কেপ্টেইন সাক্যক বিমানৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰি চিনামংগলৰ কেএমচি হাস্পতালত ভর্তি কৰোৱা হৈছে৷ চকুত আঘাতপ্রাপ্ত পাইলটজনৰ সম্প্রতি অৱস্থা সুস্থিৰ৷ বিমানৰ ধ্বংসাৱশেষ পৰা ১৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ নিহত ১৮জনৰ ভিতৰত এজন বিদেশী নাগৰিকো আছে৷ ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্রেৰণ কৰা হয়৷ উল্লেখ্য যে নেপালৰ বিমান সেৱা নিম্নমানৰ বুলি চর্চিত৷ ২০০০ চনৰ পৰা নেপালৰ বিমান আৰু হেলিকপ্টাৰ দুর্ঘটনাত ৩৫০তকৈ অধিক যাত্রী নিহত হৈছে৷