নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেমছ ভিলেজতে বক্সিং প্রশিক্ষকৰ লগত অঘটন

🔹 পেৰিছ অলিম্পিকত শোকৰ ছাঁ

বিশেষ বাৰ্তা, ২৯ জুলাই : পেৰিছ অলিম্পিকৰ আৰম্ভণিৰ পৰাই শোকৰ ছাঁ নামি আহিছে গেমছ ভিলেজলৈ৷ প্রয়াত হৈছে ছামুৱাৰ বক্সিং প্রশিক্ষক লিঅ’নেল এলিকা ফাটুপাইট’ৰ৷ আন্তর্জাতিক বক্সিং এছ’চিয়েচনৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে৷ জানিব পৰা মতে, শনিবাৰে হূদৰোগত আক্রান্ত হৈ মৃত্যু হৈছে তেওঁৰ৷ গেমছ ভিলেজতে হঠাৎ অসুস্থ হৈ পৰে তেওঁ৷ চিকিৎসালয়লৈ নিয়া হয় যদিও ৬০ বছৰীয়া এলিকাক চিকিৎসকে মৃত ঘোষণা কৰে৷ চিকিৎসকে তেওঁৰ হূদৰোগত আক্রান্ত হৈ মৃত্যু হোৱা বুলি জানিবলৈ দিছে৷ দেশৰ বক্সিং কর্মকর্তাসকলে তেওঁৰ শৰীৰ স্বগৃহলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে৷ বক্সিং ফেডাৰেচনৰ তৰফৰ পৰা জনোৱা হৈছে– বক্সিং প্রশিক্ষকগৰাকীৰ মৃত্যুত আমি আইবিএ পৰিয়ালৰ তৰফৰ পৰা সমবেদনা জনাইছোঁ৷ এলিকাৰ পৰিয়াল আৰু সহকর্মীসকললৈও আমাৰ সমবেদনা থাকিব৷ ক্রীড়াৰ প্রতি তেওঁৰ অৱদান উদাহৰণ হৈ থাকিব৷ ভৱিষ্যৎ প্রজন্মক তেওঁ অনুপ্রাণিত কৰিব৷ উল্লেখ্য যে চামুৱাৰ পৰা কেৱল এগৰাকী বক্সাৰেই পেৰিছ অলিম্পিকত অংশগ্রহণ কৰিছে৷ তেওঁৰ নাম অ’টো ফ্ল’জিকী৷ ইয়াৰ পূর্বে তেওঁ দুবাৰ পেচিফিক গেমছত চেম্পিয়ন হৈছে৷

You might also like