নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবিবাহিত… কিন্তু ৩০০ সন্তানৰ পিতৃত্বৰ গৌৰৱ পাভেল দুৰভৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ আগষ্টঃ তেওঁ অবিবাহিত৷ অকলেই থাকিবলৈ পছন্দ কৰে৷ অথচ তিনি শতাধিক সন্তানৰ পিতৃ তেওঁ বিশ্বৰ ১২খন দেশত আছে তেওঁৰ সন্তানসকল বার্তা আদান–প্রদানৰ এপ ‘টেলিগ্রাম’ৰ সহঃপ্রতিষ্ঠাতা তেওঁ৷ ৩৯ বছৰীয়া ৰুছ বংশোদ্ভৱ পাভেল দুৰভৰ শেহতীয়া এক পোষ্টত জানিব পৰা গৈছে যে তেওঁ হৈছে এজন শুক্রাণুদাতা৷ চিনেমাৰ পর্দাত আয়ুষ্মান খুৰানা অভিনীত ‘ভিকি ডোনাৰ’ চৰিত্রটোৱে জীৱিকাৰ বাবে শুক্রাণু দান কৰিছিল৷ পাভেলৰ কাহিনী কিন্তু সম্পূর্ণ পৃথক৷ ছ’চিয়েল মিডিয়াত দিয়া পাভেলৰ পোষ্টৰ পৰা জানিব পৰা গৈছে যে তেওঁ শুক্রাণু দানৰ কাম আৰম্ভ কৰিছিল ১৫ বছৰ বয়সৰ পৰা৷ এজন বন্ধুৰ অনুৰোধত এই কাম কৰিছিল পাভেলে৷ বন্ধু দম্পতীয়ে কিছু সমস্যাৰ বাবে সন্তান ধাৰণ কৰিব পৰা নাছিল৷ সেইবাবে এখন ক্লিনিকলৈ গৈ শুক্রাণু দান কৰিছিল পাভেলে৷ প্রথমতে এই কথা অবিশ্বাস্য আৰু অসম্ভৱ যেন লাগিলেও ক্লিনিকলৈ গৈ পাভেলে জানিব পাৰিছিল যে তেওঁৰ শুক্রাণুৰ গুণগত মান খুবেই ভাল৷ সেইবাবে সেই যাত্রাত অকল বন্ধুক সহায় কৰাই নহয় পৰৱর্তী সময়ত ক্লিনিকখনত গৈ সঘনে শুক্রাণু দান কৰিছিল পাভেলে৷ এতিয়া সেই ক্লিনিকখনৰ পৰা পাভেলে জানিব পাৰিছে যে তেওঁৰ শুক্রাণুৰে তিনি শতাধিক মহিলাই সন্তান জন্ম দিছে৷ এই সন্তানসকল বিশ্বৰ ১২খন দেশত বিয়পি আছে৷

You might also like