দুর্বৃত্তই জীৱন্তে পুতিলে যুৱকক ! পথ কুকুৰৰ জাকে ৰক্ষা কৰিলে প্রাণ
🔹 ভূমি বিবাদক লৈ শিহৰণকাৰী ঘটনা : পলাতক চাৰি অভিযুক্ত
নিউজ ডেস্ক, ৫ আগষ্ট : ভূমিক লৈ সৃষ্টি হোৱা বিবাদত এজন যুৱকক নৃশংসভাৱে প্রহাৰ কৰাৰ পাছত দুষ্কৃতিকাৰীয়ে জীৱন্তে পুতি থয় যুৱকজনক৷ কিন্তু এজাক পথ কুকুৰে আহি প্রাণৰক্ষা কৰে যুৱকজনৰ৷ এই চাঞ্চল্যকৰ ঘটনা ঘটিছে উত্তৰ প্রদেশৰ আগ্রাত৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, আক্রান্ত যুৱকজনৰ নাম ৰূপক কিশোৰ ওৰফে হেপী৷ অভিযোগ অনুসৰি, যোৱা ১৮ জুলাইত অংকিত, গৌৰৱ, কৰণ আৰু আকাশ নামৰ চাৰি দুর্বৃত্তই হেপীক ঘৰৰ পৰা বলপূর্বকভাৱে লৈ যায়৷ তাৰ পাছতে আগ্রাৰ আর্টনি অঞ্চলত গৈ হেপীক চাৰিও দুর্বৃত্তই নৃশংসভাৱে প্রহাৰ কৰে৷ স্মর্তব্য যে ভূমিক লৈ এই কাজিয়াৰ সূত্রপাত ঘটিছিল৷ মুমূর্ষু অৱস্থাত হেপীক মাতিত পুতি থৈ যায় চাৰিওটা দুর্বৃত্তই৷ ইয়াৰ পাছতে ঘটনাস্থলীত আহি উপস্থিত হয় এজাক পথ কুকুৰ৷ হেপীক যি স্থানত পুথি থোৱা হৈছিল, সেই স্থান কুকুৰবোৰে খান্দিবলৈ ধৰে৷ কিছু মাটি খন্দাৰ পাছতে হেপীৰ শৰীৰৰ একাংশ বাহিৰলৈ ওলাই আহে৷ কুকুৰে শৰীৰত কামোৰ দিয়াৰ লগে লগে হেপীৰ সংজ্ঞা ঘূৰি আহে৷ ইয়াৰ পাছত কোনোমতে উঠি কুকুৰজাকক খেদি পঠিয়ায় হেপীয়ে৷ আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ চাৰিওটা দুর্বৃত্তই পলায়ন কৰি থকা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ কুকুৰৰ জাকটোৱে মৃত পশু কোনোবাই পুতি থোৱা বুলি চাগে মাটি খান্দিছিল৷ কুকুৰৰ জাকটোৰ বাবেই হেপীৰ জীৱন ৰক্ষা পৰাৰ লগে লগে বিভিন্নজনে মানুহতকৈ কুকুৰেই শ্রেষ্ঠ বুলি মন্তব্য কৰিছে৷ হেপীৰ মাতৃয়ে আৰক্ষীক জানিবলৈ দিয়া অনুসৰি গাঁতৰ পৰা কোনোমতে ওলাই আহিবলৈ সক্ষম হোৱা হেপীক স্থানীয় লোকসকলে হাস্পতালত ভর্তি কৰে৷ অৱশ্যে এতিয়াও সম্পূর্ণৰূপে সুস্থ হৈ উঠা নাই যুৱকজন৷ স্থানীয় বাসিন্দাসকলেও চাৰিওটা দুর্বৃত্তক বিচাৰি বিভিন্ন স্থানত অভিযান চলাই আছে৷ কিন্তু আৰক্ষীয়ে স্থানীয় লোকসকলক আইন নিজৰ হাতত তুলি নল’বলৈ আহ্বান জনাইছে৷