নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তর্জাতিক প্রভাৱ : ভাৰতৰ শ্বেয়াৰ বজাৰত অভাৱনীয় পতন

🔹 পুৱাৰ ভাগতে ছেনছেক্সৰ সূচক কমিল ২০০০ পইণ্ট, নিফটিৰ সূচকো অৱনমিত

বিশেষ বাৰ্তা, ৫ আগষ্ট : সপ্তাহৰ আৰম্ভণিতে দেশৰ শ্বেয়াৰ বজাৰত আজি অভাৱনীয় পতন দেখিবলৈ পোৱা গ’ল৷ আজি পুৱা বজাৰ খোলাৰ পাছতেই ২০০০ পইণ্টতকৈও বেছি অৱনমিত হ’ল ছেনছেক্সৰ সূচক৷ যিমানে সময় আগবাঢ়ি গৈ থাকে দিনটোত সিমানেই ছেনছেক্সৰ সূচকৰ পতন বাঢ়ি থাকে৷ একেই দশা নিফটিৰো৷ নিফটিৰ সূচক ২৪ হাজাৰৰ ঘৰলৈ নামি যায়৷ ইয়াৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হয় বোম্বে ষ্ট’ক এক্সচেঞ্জৰ একাধিক সংস্থা৷ বিশেষজ্ঞসকলৰ মতে, আন্তর্জাতিক বজাৰৰ চাপৰ বাবে এনে বিপর্যয় দেখিবলৈ পোৱা গৈছে ভাৰতৰ শ্বেয়াৰ বজাৰত৷ শুকুৰবাৰে শ্বেয়াৰ বজাৰত পতন আহিব পাৰে বুলি ইংগিত পোৱা গৈছিল৷ সেইদিনাখন গোটেই দিনটোত ৮০ হাজাৰৰ ওপৰত ছেনছেক্সৰ সূচক বন্ধ হৈ গৈছিল৷ কিন্তু আজি বজাৰ খোলাৰ লগে লগে ভীষণ বিপর্যয় দেখিবলৈ পোৱা যায় শ্বেয়াৰ বজাৰত৷ বজাৰ খোলাৰ পাছতে ধাৰাবাহিক পতন আৰম্ভ হয় ছেনছেক্স আৰু নিফটিৰ সূচকত৷ দিনৰ ১১ বজাৰ খবৰ অনুসৰি ২০০০ পইণ্টৰো বেছি পৰি যায় ছেনছেক্সৰ সূচক৷ ৭৮ হাজাৰৰ ঘৰলৈ পুৱাৰ ভাগতে নামি আহে ছেনছেক্স৷ যোৱা বৃহস্পতিবাৰে সর্বকালৰ নজিৰ গঢ়িছিল নিফটিৰ সূচকে৷ কিন্তু ২৫ হাজাৰৰ পৰা সোমবাৰে সেই সূচক নামি আহে ২৪,৩০০লৈ৷ ইয়াৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হয় বোম্বে ষ্ট’ট এক্সচেঞ্জৰ বহু সংস্থা৷ ৰিলায়েন্স, ইনফ’ছিছ, এইচডিএফচি বেংক, টাটা মটর্ছ আদি সংস্থাবোৰ আজি বৃহৎ ক্ষতিৰ সন্মুখীন হয়৷ অৱশ্যে ইয়াৰ মাজতো লাভৰ অংক দেখিবলৈ পাইছে এছিয়ান পেইণ্টছ, ছান ফার্মা, নেছলে, হিন্দুস্তান ফার্মাচিউটিকেল আদি সংস্থাই৷ বিশেষজ্ঞসকলৰ মতে, শ্বেয়াৰ বজাৰত এই পতনৰ বাবে দায়ী আন্তর্জাতিক পৰিস্থিতি৷ এফালে মার্কিন বজাৰত আৰম্ভ হৈছে পতন, আনফালে অশান্ত হৈ উঠিছে মধ্যপ্রাচ্য৷ ইয়াৰ ফলতে সমগ্র বিশ্বৰ শ্বেয়াৰ বজাৰত আৰম্ভ হৈছে পতন৷ ইয়াৰ প্রভাৱ ভাৰততো পৰিছে৷

You might also like