নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৌলবাদীক সন্তুষ্ট কৰিবলৈ মোক নির্বাসন দিয়া হাছিনা নিজেও বলি হ’ল

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ আগষ্টঃ মহিলাৰ বিৰুদ্ধে শোষণ আৰু ইছলাম ধর্মক কঠোৰ সমালোচনাৰ বাবে ১৯৯০ চনত বাংলাদেশৰ পৰা শ্বেখ হাছিনাই নির্বাসন দিয়া প্রখ্যাত লেখিকা তছলিমা নাছৰিনে দেশ এৰি পলায়ন কৰা প্রধানমন্ত্রী হাছিনাক কটাক্ষ কৰিছে৷ প্রতিবাদীৰ ভয়ত প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ কৰাই নহয় দেশ এৰি চুবুৰীয়া ৰাষ্ট্র ভাৰতত থিতাপি লোৱা শ্বেখ হাছিনাক কটাক্ষ কৰি সামাজিক মাধ্যমত বিতর্কিত লেখিকা তছলিমা নাছৰিনে কয়– হাছিনাই ইছলামিক মৌলবাদীক সন্তুষ্ট কৰাৰ বাবে বাংলাদেশৰ পৰা মোক খেদি পঠিয়াইছে৷ এতিয়া তেওঁ নিজেও তেনে মৌলবাদীৰ বাবে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে৷ তদুপৰি ক্ষমতা দখল কৰিবলৈ কঠোৰ মৌলবাদীক সন্তুষ্ট কৰাৰ বাবেই শ্বেখ হাছিনাই দেশখনৰ ধর্মনিৰপেক্ষতা আৰু গণতন্ত্রৰ সৈতে আপোচ কৰা বুলিও অভিযোগ কৰিছে নাছৰিনে৷ বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি উত্তাল হৈ থকাৰ মাজতে সামাজিক মাধ্যমত লেখিকা নাছৰিনৰ পলাতক হাছিনাক লৈ কৰা মন্তব্যই ছ’চিয়েল মিডিয়াত ব্যাপক চর্চা লাভ কৰিছে৷

You might also like