নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাইনেলৰ দুৱাৰ বন্ধ : তাৰকা মল্লযুঁজাৰু ভিনেশ ফোগাটক অযোগ্য ঘোষণা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ আগষ্টঃ ভাৰতৰ আশাত চেঁচাপানী। পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে তাৰকা মল্লযুঁজাৰু ভিনেশ ফ’গাটক। ফাইনেলত প্ৰৱেশ কৰিছিল যদিও এতিয়া পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হৈছে ভিনেশ। ইয়াৰ অৰ্থ স্পষ্ট যে বিনেশ ফ’গাটে আজি ৫০ কেজি ওজনৰ শাখাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। গোটেই দেশখনে ভিনেশৰ পৰা সোণৰ পদক আশা কৰিছিল আৰু আজি নিশা তেওঁ স্বৰ্ণ যুঁজত নমাৰ পূৰ্বে এই ঘোষণাই তেওঁৰ ফাইনেলৰ বাট বন্ধ কৰিলে। ভিনেশ ফ’গাটক ৫০ কেজি ওজনৰ শাখাত অযোগ্য ঘোষণা কৰা হৈছে। কোৱা হৈছে যে তেওঁৰ ওজন ১০০ গ্ৰাম বেছি। ইয়াৰ বাবেই তেওঁক অযোগ্য ঘোষণা কৰা হৈছে। ভিনেশে আজি নিশা ফাইনেল মেচ খেলিবলগা আছিল। তথ্য অনুসৰি ভিনেশ ফ’গাটক অযোগ্যৰ ঘোষণাক ভাৰতে তীব্ৰ বিৰোধিতা কৰিছে। নিয়ম অনুসৰি অযোগ্য ঘোষণা কৰাৰ পিছত এতিয়া মল্লযুঁজাৰু ভিনেশ ফ’গাটে পেৰিছ অলিম্পিকত কোনো পদক লাভ কৰিব নোৱাৰিব। অৰ্থাৎ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো ভিনেশে পদক অবিহনে ঘৰলৈ উভতি আহিব লাগিব।

You might also like