নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশ কেন্দ্রত দুমাহে আবদ্ধ : কেতিয়া পৃথিৱীলৈ উভতিব সুনীতা উইলিয়ামছ

🔹 এইবাৰ স্পেচ এক্সৰ যান ব্যৱহাৰ কৰিব ‘নাছা’ই

নিউজ ডেস্ক, ৯ আগষ্ট : ইতিমধ্যে আন্তর্জাতিক মহাকাশ কেন্দ্রত দুমাহতকৈ অধিককাল আবদ্ধ হৈ আছে ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী উইলমোৰ৷ এইবাৰ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই সদৰী কৰিলে যে উইলিয়ামছ আৰু উইলমোৰক পৃথিৱীলৈ ওভতাই আনিবলৈ ২০২৫ চনৰ ফেব্রুৱাৰী মাহলৈকে সময় লাগিব পাৰে৷ অর্থাৎ ২০২৫ৰ ফেব্রুৱাৰীতহে নাছাই দুয়োগৰাকী মহাকাশচাৰীক পৃথিৱীলৈ ওভতাই অনাটো সম্ভৱ হ’ব৷ স্পেচ এক্সৰ ক্রু ড্রেগন যানেৰে পৃথিৱীলৈ ওভতাই অনা হ’ব দুয়োগৰাকী মহাকাশচাৰীক৷ স্মর্তব্য যে মাত্র ৯ দিনৰ বাবে আন্তর্জাতিক মহাকাশ কেন্দ্রলৈ গৈছিল সুনীতা আৰু উইলমোৰ৷ কিন্তু ব’য়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ যান্ত্রিক বিজুতিৰ বাবে দুয়োগৰাকী মহাকাশচাৰী আবদ্ধ হৈ পৰে আন্তর্জাতিক মহাকাশ কেন্দ্রত৷ ‘নাছা’ই ব’য়িং ষ্টাৰলাইনাৰ পুনৰ ব্যৱহাৰ কৰাৰ পৰিৱর্তে এইবাৰ সুনীতা আৰু উইলমোৰক পৃথিৱীলৈ ওভতাই অনাৰ বাবে স্পেচ এক্সৰ যান ব্যৱহাৰ কৰিব৷

You might also like