পদক নাপালেও ভিনেছ ফ’গাটক নাপাহৰিব
🔹 দেশবাসীক আহ্বান ভাৰতৰ স্বৰ্ণপুত্ৰ নীৰজ চোপ্রাৰ
নিউজ ডেস্ক, ১২ আগষ্ট : কেইবাগৰাকী হেভীৱেইট প্রতিপক্ষক ধৰাশায়ী কৰি ফাইনেলত প্রৱেশ কৰিছে তেওঁ৷ কিন্তু মাত্র ১০০ গ্রাম ওজন বৃদ্ধিৰ বাবে তেওঁক স্বর্ণ পদকৰ যুঁজত নামিবলৈ দিয়া নহ’ল৷ সেই ভিনেছ ফ’গাটৰ সমর্থনত অৱশেষত মুখ খুলিলে নীৰজ চোপ্রাই৷ পেৰিছ অলিম্পিকত জেভলিনত ৰূপৰ পদক জয় কৰা নীৰজৰ আবেদন– পদক নাপালেও দেশবাসীয়ে যেন ভিনেছক পাহৰি নাযায়৷ ভাৰতীয় ক্রীড়াৰ ক্ষেত্রত তেওঁৰ অৱদান অবিস্মৰণীয়৷ ফাইনেলত প্রৱেশ কৰাৰ পিছত কিয় তেওঁ ৰূপৰ পদক নাপাব বুলিও নীৰজে প্রশ্ণ উত্থাপন কৰে৷ উল্লেখ্য যে এই বিষয়ত ইতিমধ্যে ক্রীড়া আদালতত আবেদন জনোৱা হৈছে৷ জানিব পৰা মতে, অহা মঙলবাৰে ভিনেছৰ আবেদনৰ ভিত্তিত ৰায় দিব আদালতে৷ সেইদিনাই জানিব পৰা যাব চলিত অলিম্পিকত ভিনেছৰ পদকৰ সৌভাগ্যৰ কথা৷ অৱশ্যে ভিনেছে পদক পাব নে নাপায়, তাক লৈ বিশেষ চিন্তিত নহয় ভাৰতৰ স্বর্ণপুত্র৷ নীৰজৰ মতে– ভিনেছে যদি পদক লাভ কৰে, তেনেহ’লে সেয়া খুব ভাল কথা৷ সমগ্র ঘটনাক্রম এনেদৰে আগ নাবাঢ়িলে ভিনেছে নিশ্চিতভাৱে এটা পদক পালেহেঁতেন৷ মই ভাবোঁ, যদি ভিনেছে পদক লাভ কৰিবলৈ সক্ষম নহয়, তেনেহ’লে সেই যন্ত্রণা সদায় বুকুত থাকি যাব৷ ইয়াৰ লগতে নীৰজৰ আশংকা- ভিনেছৰ দৰে ক্রীড়াবিদক হয়তো দেশবাসীয়ে পাহৰি যাব৷ সেয়েহে দেশবাসীৰ ওচৰত তেওঁৰ আবেদন– পদক নাপালেও ভিনেছক দয়া কৰি কোনেও পাহৰি নাযাব৷