শতাব্দীৰ আটাইতকৈ বিধ্বংসী ভূমিকম্পই জোকাৰিব জাপানক
🔹 সতর্কতা জাৰিৰ পাছতে দেশজুৰি আতংক
🔹 এসপ্তাহ জাপানৰ পৰা বিদেশলৈ নাযায় প্রধানমন্ত্রী
নিউজ ডেস্ক, ১২ আগষ্ট : শতাব্দীৰ আটাইতকৈ বিধ্বংসী ভূমিকম্পই জোকাৰিব জাপানক, গতিকে সকলোৱে সতর্ক হৈ থাকিব লাগিব৷ যোৱা বৃহস্পতিবাৰে ১ মিনিটৰ ব্যৱধানত দুটাকৈ ভূমিকম্প অনুভূত হৈছিল জাপানত৷ ৰিখটাৰ স্কেলত ইয়াৰ মাত্রা আছিল ৭.১৷ এই ভূমিকম্প দুটাই দেশখনৰ বিভিন্ন অঞ্চল জোকাৰি যোৱাৰ পাছত ছুনামিৰ সতর্কতাও জাৰি কৰা হৈছিল৷ এইবাৰ দেশখনৰ বতৰ বিজ্ঞান বিভাগে দাবী কৰিছে যে শতাব্দীৰ আটাইতকৈ বিধ্বংসী ভূমিকম্পৰ সন্মুখীন হ’ব লাগিব জাপানবাসী৷ সংবাদ সংস্থাৰ সূত্রই সদৰী কৰা অনুসৰি, এইবাৰ ভূমিকম্পৰ প্রাবল্য হ’ব ৰিখটাৰ স্কেলত ৮ বা ৯ ৷ ভূমিকম্পপ্রৱণ জাপানৰ ইতিহাসত এই প্রথমবাৰলৈ মেগা ভূমিকম্পৰ সতর্কতা জাৰি কৰা হৈছে৷ ইতিমধ্যে এই কম্পনৰ মোকাবিলা কৰিবলৈ পৰিকল্পনা আৰু প্রস্তুতিও গ্রহণ কৰিছে টকিঅ’ প্রশাসনে৷ সতর্কতা জাৰি হোৱাৰ লগে লগে বহু অঞ্চলত সাধাৰণ মানুহে নিৰাপদ স্থানলৈ পলায়ন কৰাৰ চেষ্টা চলাইছে৷ এই পৰিস্থিতিত জাপানৰ প্রধানমন্ত্রী ফুমিঅ’ কিছিদাই নিজৰ প্রস্তাৱিত এছিয়া ভ্রমণ বাতিল কৰিছে৷ সংবাদ মাধ্যমক প্রধানমন্ত্রীগৰাকীয়ে জনাইছে যে এই সংকটৰ সময়ত দেশত থকাটো তেওঁৰ কর্তব্য৷ এসপ্তাহ ধৰি জাপানৰ পৰা বিদেশলৈ নাযায় বুলিও প্রধানমন্ত্রীগৰাকীয়ে জনাইছে৷ যোৱা বৃহস্পতিবাৰে ভূমিকম্পত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হয় জাপানৰ দক্ষিণ–পশ্চিমৰ কিউচু আৰু চিকোকু দ্বীপ৷