নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজত এদিন… স্বাধীনতা দিৱসত আত্মঘাতী আক্রমণৰ লক্ষ্য সন্ত্রাসবাদী সংগঠনৰ

🔹 চোৰাংচোৱাৰ তথ্যৰ পাছতেই দেশজুৰি নিৰাপত্তা ব্যৱস্থা বৃদ্ধি

🔹 অভেদ্য দুর্গত পৰিণত লালকিল্লা

বিশেষ বাৰ্তা, ১৩ আগষ্ট : দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ইতিমধ্যে ব্যাপক প্রস্তুতি আৰম্ভ হৈছে৷ মাজত মাত্র এটা দিন বাকী থকা অৱস্থাত দেশৰ ৰাজধানী দিল্লীত কেন্দ্রীয়ভাৱে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ প্রদেশৰ ৰাজধানীকে ধৰি জিলা সদৰত ৭৮সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে৷ এনে সময়তে স্বাধীনতা দিৱসৰ কার্যসূচীত সন্ত্রাসবাদী সংগঠনে আত্মঘাতী আক্রমণৰ লক্ষ্য লোৱা বুলি চোৰাংচোৱাই তথ্য লাভ কৰিছে৷ ইয়াৰ পাছতেই দেশৰ ৰাজধানীকে ধৰি স্বাধীনতা দিৱসৰ কার্যসূচী উদযাপন কৰিবলগীয়া সমগ্র দেশৰ ভিন্ন স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ নতুন দিল্লীৰ লালকিল্লাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৭৮সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব৷ ইয়াৰ বাবে লালকিল্লাৰ আশে–পাশে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ চোৰাংচোৱাই সন্ত্রাসবাদীয়ে আত্মঘাতী আক্রমণৰ লক্ষ্য লোৱা বুলি তথ্য লাভ কৰাৰ পাছত নিৰাপত্তা বাহিনীয়ে লালকিল্লা অভেদ্য দুর্গত পৰিণত কৰিছে৷ লালকিল্লাত প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰাৰ পৰিপ্রেক্ষিতত সমগ্র অঞ্চলটোত হাই এলার্ট জাৰি কৰা হৈছে৷ তিনি হাজাৰ আৰক্ষী বিষয়া, ১০ হাজাৰ জোৱান, অর্ধসামৰিক বাহিনীৰ জোৱান, স্নাইপাৰ, স্বাট কমাণ্ডো, শ্বার্প শ্বুটাৰৰ উপৰি ৭০০ এআই আধাৰিত চি চি টিভি কেমেৰা মোতায়েন কৰা হৈছে৷ ৰাজধানী দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰ, ৰে’লৱে ষ্টেচন, বাছ আস্থান, মল আৰু বজাৰসমূহত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে৷ কোনো পৰিস্থিতিতে যাতে সন্ত্রাসবাদীয়ে স্বাধীনতা দিৱসৰ দিনা কূটাঘাতমূলক কার্য সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে নিৰাপত্তা বাহিনীক এলার্ট কৰি ৰখা হৈছে৷ ঐতিহাসিক লালকিল্লাত এইবেলি ‘বিকশিত ভাৰত’ শীর্ষকেৰে স্বাধীনতা দিৱস উদযাপন কৰা হ’ব৷ কেন্দ্রীয় চৰকাৰৰ ২০৪৭ৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যক আধাৰ কৰিয়েই এইবেলি স্বাধীনতা দিৱসৰ শীর্ষক ‘বিকশিত ভাৰত’ কৰা হৈছে৷ দিল্লী আৰক্ষীয়ে ৰাজধানী চহৰখনৰ প্রতিটো প্রান্তত যান–বাহনৰ ওপৰত চোকা নজৰ ৰাখিছে৷ ৰাজপথসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে৷ আৰক্ষীয়ে লালকিল্লাত সমৱেত হোৱা লোকৰ ওপৰত দৃষ্টি ৰখাৰ বাবে স্মার্ট ফোন আধাৰিত প্রযুক্তি ব্যৱহাৰ কৰিছে৷ দিল্লীৰ উপৰি জম্মু–কাশ্মীৰত পাকিস্তানস্থিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ আত্মঘাতী আক্রমণৰ পূর্ণ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি অঞ্চলটোত হাই এলার্ট জাৰি কৰা হৈছে৷ স্বাধীনতা দিৱসৰ কার্যসূচীত ভিভিআইপিক সন্ত্রাসবাদী সংগঠনে আত্মঘাতী আক্রমণৰ লক্ষ্য কৰি ল’ব বুলি চোৰাংচোৱাই লাভ কৰা তথ্যৰ বাবেই নিৰাপত্তা বাহিনীয়ে ভিভিআইপিৰ সমীপলৈ যাতে কোনো লোকে যাব নোৱাৰে, তাৰ বাবেও বিশেষ ব্যৱস্থা গ্রহণ কৰিব৷

You might also like