বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী হাছিনাসহ ৭জনৰ বিৰুদ্ধে হত্যাৰ গোচৰ
🔹 ঢাকেশ্বৰী মন্দিৰত অন্তৰ্ৱর্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ
🔹 হাছিনাৰ অভিযোগ নস্যাৎ আমেৰিকা যুক্তৰাষ্ট্রৰ
নিউজ ডেস্ক, ১৩ আগষ্ট : দেশ এৰি পলায়ন কৰা বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাসহ সাতজনৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে৷ সংৰক্ষণ, বৈষম্যবিৰোধী ছাত্র আন্দোলনৰ সময়ছোৱাত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হোৱা এজন ব্যৱসায়ীক হত্যাৰ গোচৰত অভিযুক্ত কৰি প্রাক্তন প্রধানমন্ত্রী হাছিনাসহ সাতজনৰ বিৰুদ্ধে আজি হত্যাৰ গোচৰ ৰুজু কৰা হৈছে৷ প্রাক্তন প্রধানমন্ত্রী হাছিনাৰ লগতে আৱামী লীগৰ সাধাৰণ সম্পাদক অবাইদুল কুৱাডৰ, প্রাক্তন গৃহমন্ত্রী আছাদুদজামান খান কামাল আৰু প্রাক্তন আৰক্ষী সঞ্চালকপ্রধান চৌধুৰী আব্দুল অল মামুনো আছে৷ বিগত মাহত প্রতিবাদৰ সময়ত গেলামালৰ দোকানী এজনক নিৰাপত্তা বাহিনীয়ে গুলীয়াই হত্যা কৰাৰ অভিযোগত অভিযুক্ত কৰি ব্যৱসায়ীজনৰ ঘনিষ্ঠ আবু ছায়েদ নামৰ লোক এজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত প্রাক্তন প্রধানমন্ত্রী হাছিনাসহ সাতজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷ প্রাক্তন প্রধানমন্ত্রী হাছিনাৰ বিৰুদ্ধে এইটো হৈছে প্রথমটো হত্যাৰ গোচৰ৷ ইপিনে, বাংলাদেশৰ পৰিস্থিতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রক জগৰীয়া কৰি পলাতক প্ৰাক্তন প্রধানমন্ত্রী হাছিনাই কৰা অভিযোগক নস্যাৎ কৰিছে হোৱাইট হাউছে৷ বাংলাদেশৰ প্রধানমন্ত্রীক ক্ষমতাৰ পৰা উৎখাতৰ ক্ষেত্রত আমেৰিকা কোনো কাৰণতেই জড়িত নহয় বুলি স্পষ্ট কৰি দি হোৱাইট হাউছে কয় যে বাংলাদেশৰ আভ্যন্তৰীণ পৰিস্থিতিক লৈ মার্কিন প্রশাসনে কোনো হস্তক্ষেপ কৰা নাই৷ হোৱাইট হাউছৰ প্রেছ সচিব কাৰিনে জিন পিয়াৰিয়ে প্রকাশ কৰা মতে, বাংলাদেশৰ পৰিস্থিতিত আমেৰিকা জড়িত নহয়৷ আমেৰিকাক জড়িত কৰাৰ সকলো তথ্য ভুল আৰু ভিত্তিহীন৷ মন কৰিবলগীয়া যে প্রাক্তন প্রধানমন্ত্রী হাছিনাই ছেইণ্ট মার্টিন দ্বীপ আমেৰিকাক দিলে বাংলাদেশৰ পৰা তেওঁ পলাব নালাগিলহেঁতেন বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ এই অভিযোগৰ পাছতেই হোৱাইট হাউছে প্রতিক্রিয়া ব্যক্ত কৰি বাংলাদেশৰ পৰিস্থিতিক লৈ মার্কিন চৰকাৰ জড়িত নহয় বুলি স্পষ্টীকৰণ দিয়ে৷ অৱশ্যে বাংলাদেশৰ পৰিস্থিতি আমেৰিকাই নিৰীক্ষণ কৰি থাকিব বুলি উল্লেখ কৰি বাংলাদেশৰ চৰকাৰৰ সিদ্ধান্ত দেশখনৰ নাগৰিকে ল’ব বুলি মন্তব্য কৰিছে৷ ইপিনে, হিন্দুৰ ওপৰত অকথ্য নির্যাতন চলি থকাৰ মাজতে আজি বাংলাদেশৰ অন্তৰ্ৱর্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ঢাকাৰ ঢাকেশ্বৰী মন্দিৰ পৰিদর্শন কৰে৷ মন্দিৰ পৰিদর্শন কৰি মহম্মদ ইউনুছে কয় যে সকলো ধর্মীয় সম্প্রদায়ৰ লোকৰে সমান অধিকাৰ আছে, কোনো বিভেদ নাই৷ স্মর্তব্য যে শ্বেইখ হাছিনাই প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ পলাই অহাৰ পাছতেই বাংলাদেশত হিন্দু সম্প্রদায়ৰ ওপৰত নির্যাতন চলোৱা হৈছে৷ হিন্দুৰ মঠ–মন্দিৰ লণ্ডভণ্ড কৰি অগ্ণিসংযোগ কৰাৰ লগতে বাসগৃহতো আক্রমণ কৰা হৈছে৷ ধর্মীয় সংখ্যালঘু হিন্দুৰ ওপৰত ২০৫টাতকৈ অধিক আক্রমণ সংঘটিত হৈছে৷ এনে ঘটনা সংঘটিত হৈ থকাৰ মাজতে আজি মহম্মদ ইউনুছে ঢাকাৰ ঢাকেশ্বৰী মন্দিৰ পৰিদর্শন কৰি দেশখনত হিন্দু সম্প্রদায়ৰ সমান অধিকাৰ আছে বুলি প্রমাণ কৰিছে৷ তেওঁ সাংবাদিকৰ সৈতে হোৱা কথোপকথনত কয়– সকলোৰে কাৰণে সমান অধিকাৰ আছে৷ একেই অধিকাৰত আমি সকলো৷ আমাৰ মাজত কোনো বিভেদ নাই৷ গতিকে সকলোৱে ধৈর্য, সংযম ৰাখি শান্তিৰ বাতাৱৰণ গঢ়াৰ বাবে চৰকাৰক সহযোগ কৰক৷ পৰৱর্তী সময়ত ইয়াৰ ন্যায়ৰ ব্যৱস্থা কৰা হ’ব৷ কি কৰিব লাগিব আৰু কি কৰিব নালাগে, সেয়া আমি চৰকাৰে সততাৰে কৰিম৷ যদি আমি বিফল হওঁ, তেতিয়াহ’লে আমাক কঠোৰ ভাষাৰে সমালোচনা কৰিব৷ আমাৰ দেশৰ গণতান্ত্রিক ব্যৱস্থাক মুছলিম, হিন্দু অথবা বৌদ্ধ হিচাপে গণ্য নকৰোঁ৷ আমি মানৱ হিচাপে গুৰুত্ব দিম৷ আমাৰ অধিকাৰ নিশ্চিত হৈ থকাটো উচিত৷ উল্লেখ্য যে ঢাকেশ্বৰী মন্দিৰ দর্শনৰ সময়ত মহম্মদ ইউনুছক আদৰণি জনাই বাংলাদেশ পূজা উদযাপন পৰিষদ আৰু মহানগৰ সার্বজনীন পূজা কমিটীয়ে৷ এই পৰিদর্শনৰ সময়ত মহম্মদ ইউনুছক সংগ দিয়ে চৰকাৰখনৰ আইন উপদেষ্টা আছিফ নজৰুল আৰু ধর্মীয় পৰিক্রমা উপদেষ্টা খালিদ হোছেইনে৷