নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব শ্বুটিঙত অংশগ্ৰহণ অনিশ্চিত মনু ভাকেৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ আগষ্টঃ বিশ্বকাপ শ্বুটিঙত অংশগ্রহণ অনিশ্চিত হৈ পৰিছে সদ্যসমাপ্ত পেৰিছ অলিম্পিকত দুটাকৈ পদক জয় কৰি ইতিহাস ৰচনা কৰা মনু ভাকেৰৰ৷ নতুন দিল্লীত অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’ব বিশ্বকাপ শ্বুটিং৷ এই সন্মানীয় প্রতিযোগিতাখনত মনু ভাকেৰৰ অংশগ্রহণ সন্দর্ভত খেলুৱৈগৰাকীৰ প্রশিক্ষক যশপাল ৰাণাই কয় যে অলিম্পিকত দুটাকৈ পদক জয়ী মনুৱে তিনি মাহৰ বিশ্রাম লোৱাৰ সিদ্ধান্ত লৈছে৷ তেওঁ কোনো আঘাতৰ সমস্যাত ভোগা নাই৷ তেওঁ জিৰণি ল’ব বিচাৰিছে৷ আগন্তুক বিশ্বকাপ শ্বুটিঙত মনুৱে অংশ ল’ব নে নলয়, মই নাজানো৷ কাৰণ তেওঁ তিনি মাহ জিৰণি লোৱাৰ সিদ্ধান্ত লৈছে৷ অলিম্পিকৰ পূর্বে বহুদিন প্রশিক্ষণ লৈছিল মনুৱে৷ গতিকে সকলো খেলুৱৈয়ে এনেধৰণৰ জিৰণি লয়৷ উল্লেখ্য যে স্বাধীনতাৰ পিছত এখন অলিম্পিকত দুটা পদক জয় কৰা মনু ভাকেৰ হৈছে একমাত্র খেলুৱৈ৷ দেশৰ প্রথমগৰাকী মহিলা শ্বুটাৰ হিচাপেও অলিম্পিকত পদক লাভ কৰে মনুৱে৷ অহা ১৩–১৮ অক্টোবৰত নতুন দিল্লীত বিশ্বকাপ শ্বুটিং অনুষ্ঠিত হ’ব৷

You might also like