🔹 অপৰাধমূলক কাৰ্যত পৈণত কৰাৰ বাবে পিতৃ–মাতৃয়ে আদায় দিয়ে ২–৩ লাখ টকা
🔹 বিপাঙত আৰক্ষী
নিউজ ডেস্ক, ২১ আগষ্ট : মধ্যপ্রদেশৰ ৰাজগড় জিলাৰ তিনিখন ভিতৰুৱা গাঁৱত চুৰি–ডকাইতি আৰু লুণ্ঠনৰ প্রশিক্ষণ দিয়া বিদ্যালয়ক লৈ আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি হৈছে৷ জিলাখনৰ কাডিয়া, গুলখেড়ি আৰু হালখেড়ি নামৰ তিনিখন গাঁৱত চুৰি, ডকাইতি আৰু লুণ্ঠনৰ প্রশিক্ষণ দিয়া হয়৷ ৰাজধানী চহৰখনৰ পৰা ১১৭ কিলোমিটাৰ নিলগত অৱস্থিত এই গাঁৱত অসামাজিক কার্যকলাপ বিশেষকৈ চুৰি, ডকাইতি আৰু লুণ্ঠনৰ কৌশল শিকোৱা হয়৷ আৰক্ষীয়ে এই সন্দর্ভত তথ্য লাভ কৰিলেও বিশেষ পদক্ষেপ ল’ব পৰা নাই৷ ১২–১৩ বছৰ শিশুক পিতৃ–মাতৃসকলে এই বিদ্যালয়লৈ প্রশিক্ষণৰ বাবে পঠিয়ায়৷ এই অপৰাধমূলক কাৰ্যত পাকৈত কৰাৰ বাবে পিতৃ–মাতৃয়ে আনকি ২–৩ লাখ টকা আদায় দিয়ে৷ পকেটমাৰ, বেগ কাঢ়ি নিয়া, আৰক্ষীৰ পৰা কৌশলেৰে বাচিবলৈ দ্রুতগতিত দৌৰা, আনকি ধৰা পৰিলে প্রহাৰ সহ্য কৰিব পৰা কৌশলো শিকোৱা হয়৷ এবছৰ প্রশিক্ষণ সমাপ্ত কৰাৰ পাছত এইসকলক অপৰাধমূলক কাম–কাজত জড়িত কৰাই বৃহৎ পৰিমাণৰ ধন উপার্জন কৰে বিদ্যালয় কর্তৃপক্ষ অর্থাৎ গেং লীডাৰে৷ পৰৱর্তী সময়ত গেং লীডাৰৰ পৰা বছৰি ৩ৰ পৰা ৫ লাখ টকা লাভ কৰে পিতৃ–মাতৃয়ে৷