নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদত এন্দুৰৰ উপদ্রৱক লৈ উদ্বিগ্ন পাকিস্তান চৰকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ আগষ্টঃ আর্থিক সংকটত ভুগি থকা পাকিস্তানৰ বাবে নতুন দুশ্চিন্তাৰ কাৰণ হৈ পৰিছে এন্দুৰ৷ পাক সংসদত প্রৱেশ কৰি এন্দুৰে উপদ্রৱ চলাই গৈছে৷ ইয়াৰ ফলত নষ্ট হৈছে বহু গুৰুত্বপূর্ণ নথি৷ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এইবাৰ চিকাৰী মেকুৰী সংসদত মেলি দিয়াৰ সিদ্ধান্ত লৈছে স্থানীয় প্রশাসনে৷ এই অনুসৰি ১২ লাখ পাকিস্তানী ৰূপী চিকাৰী মেকুৰী ক্রয়ৰ বাবে মুকলি কৰি দিয়া হৈছে৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৩ লাখ টকা মেকুৰী ক্রয়ৰ বাবে মুকলি কৰি দিছে চৰকাৰে৷ দেশখনৰ সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি ইতিমধ্যে এন্দুৰৰ উপদ্রৱৰ ফলত বহু গুৰুত্বপূর্ণ তথা গোপনীয় নথি নষ্ট হৈছে৷

You might also like