নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্ষণকাৰীক ফাঁচী বিহাৰ বিধেয়ক গৃহীত কৰিলে পশ্চিমবংগ চৰকাৰে

🔹 বিধানসভাত গৃহীত অপৰাজিতা মহিলা আৰু শিশু বিধেয়ক : বিজেপিৰো পূর্ণ সমর্থন

নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ : কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ তৰুণী চিকিৎসকৰ ধর্ষণ আৰু হত্যাকাণ্ডৰ দেশজুৰি প্রতিবাদৰ পিছত আজি পশ্চিমবংগ চৰকাৰে সকলো ধর্ষণকাৰীক চূড়ান্ত শাস্তি ফাঁচী বিহাৰ বিধেয়ক আনিলে৷ পশ্চিমবংগ চৰকাৰৰ বিশেষ অধিৱেশনৰ দ্বিতীয় দিনা আজি অপৰাজিতা মহিলা আৰু শিশু (পশ্চিমবংগ অপৰাধ আইন সংশোধন) বিধেয়ক সর্বসন্মতিক্রমে গৃহীত হয়৷ শাসকীয় তৃণমূল চৰকাৰৰ আইনমন্ত্রী মলয় ঘটকে সদনত উত্থাপন কৰা অপৰাজিতা মহিলা আৰু শিশু বিধেয়কখনত পূর্ণ সমর্থন আগবঢ়ায় বিৰোধী বিজেপিয়ে৷ কার্যতঃ সর্বসন্মতিক্রমে ধর্ষণকাৰীক ফাঁচী বিহাৰ অপৰাজিতা মহিলা আৰু শিশু বিধেয়কখন গৃহীত হয়৷ বিধেয়কখন গৃহীত হোৱাৰ পাছত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে শীঘ্রেই এই বিধেয়কখন আইনত পৰিণত কৰাৰ বাবে ৰাজ্যপাল আনন্দ বসুক স্বাক্ষৰ কৰিবলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে আজি বিধানসভাত গৃহীত হোৱা বিধেয়কখনৰ জৰিয়তে মহিলা আৰু শিশুৰ সুৰক্ষা বৃদ্ধি কৰাৰ লগতে ধর্ষণ আৰু যৌন নির্যাতন সম্পর্কীয় গোচৰত নতুন ব্যৱস্থাৰে আইনখন অধিক কঠোৰ কৰি ধর্ষণকাৰীক ফাঁচী বিহা হ’ব৷ বিধেয়কখন গৃহীত হোৱাৰ পিছত মুখ্যমন্ত্রী বেনার্জীয়ে কয়– মই মোৰ সকলো ভাতৃ আৰু ভগ্ণীক ধন্যবাদ জনাই ক’ব বিচাৰিছোঁ যে প্রতিদিনে মই কন্যাৰ অধিকাৰৰ সুৰক্ষাৰ বাবে যুঁজি আহিছোঁ৷ এই বিষয়টোৱে ইতিহাসৰ পুনৰাবৃত্তি কৰিছে৷ কন্যাৰ অধিকাৰৰ বাবে যুঁজাৰ ক্ষেত্রত ৪৩ বছৰ পূর্বে ১৯৮১ চনৰ আজিৰ দিনটোতে ৰাষ্ট্রসংঘই এখন কমিটী গঠন কৰিছিল৷ মহিলাৰ বিৰুদ্ধে সকলো প্রকাৰৰ বৈষম্য নির্মূল কৰাৰ বাবে অভিৱর্তনৰ আয়োজন কৰা হৈছিল৷ মহিলাৰ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্রসংঘই এই পদক্ষেপ লৈছিল৷ মহিলাৰ সুৰক্ষাৰ কাৰণে নাগৰিক সমাজৰ পৰা শিক্ষার্থীলৈকে যিসকলে সৰৱ হৈছে, মই প্রত্যেককে অভিনন্দন জনাইছোঁ৷ বিধেয়কখনত সমর্থন কৰি বিধানসভাত বিৰোধী দলপতি বিজেপিৰ শুভেন্দু অধিকাৰীয়ে কয় যে বিজেপিয়ে এই বিধেয়কখন শীঘ্রেই বলৱৎ হোৱাটো বিচাৰে৷ তেওঁলোকে ফলাফল বিচাৰে৷ সেয়েহে পূর্ণ সমর্থন আগবঢ়াইছে৷

You might also like