নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুলৱামা বিস্ফোৰণঃ এমাজনৰ পৰা ক্ৰয় কৰা হৈছিল আইডি তৈয়াৰৰ সামগ্ৰী

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ পুলৱামা বিস্ফোৰণত জড়িত থকাৰ অভিযোগত কাশ্মীৰৰ আৰু ২ জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰাৰ পাচতেই পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য । আৰক্ষীৰ জেৰাত ১৯ বছৰীয়া যুৱক ওৱাইজ-উল-ইছলামে  প্ৰকাশ কৰে যে, বিস্ফোৰণ সংঘটিত কৰাৰ বাবে যি আইডি প্ৰস্তুত কৰা হৈছিল তাৰ প্ৰয়োজনীয় সামগ্ৰী জনপ্ৰিয় অনলাইন শ্বপিং চাইট এমাজনৰ পৰা ক্ৰয় কৰা হৈছে ।

ওৱাইজৰ সৈতে মহম্মদ আব্বাস ৰাথাৰ (৩২) নামৰ এজন যুৱককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । বৰ্তমানলৈকে পুলৱামা কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত বিগত সপ্তাহৰ পৰা গ্ৰেপ্তাৰ কৰা মুঠ লোকৰ সংখ্যা হৈছে ৫ জন । এজন পাক সন্ত্ৰাসবাদীৰ নিৰ্দেশত অনলাইন শ্বপিং চাইট এমাজনৰ পৰা ৰাসায়নিক পদাৰ্থ, বেটাৰী আৰু অন্য সা-সৰঞ্জাম ক্ৰয় কৰা হৈছিল বুলি আৰক্ষীৰ জেৰাত উল্লেখ কৰিছে ওৱাইজ-উল-ইছলামে ।

ইফালে, অনলাইনত এইসমূহ সামগ্ৰী কিনাৰ পাচতেই ওৱাইজে এজন পাক সন্ত্ৰাসবাদীৰ হাতত গতাই দিয়ে সামগ্ৰীসমূহ । অন্য়জন ধৃত যুৱক ৰাথাৰ হৈছে জইচৰ পুৰণা কৰ্মী । সেই বাবেই ৰাথাৰে সন্ত্ৰাসবাদী তথা আইডি বিশেষজ্ঞ মহম্মদ উমৰক আশ্ৰয় দিছিল । ২০১৮ চনৰ এপ্ৰিল-মে মাহত কাশ্মীৰলৈ উমৰ আহিছিল বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে ৰাথাৰে ।

You might also like