স্বগৃহলৈ মেঘালয়ত আবদ্ধ সহস্রাধিক শ্রমিক
নিয়মীয়া বাৰ্তা, ৮মার্চঃ মেঘালয়ৰ ইছামাতি কাণ্ডৰ বাবে প্রায় দহ দিন আবদ্ধ হৈ পৰা অসমৰ বিভিন্ন প্রান্তৰ শ শ শ্রমিকক নিৰাপত্তা বেষ্টনীৰে ৰাণী আৰক্ষী চকীলৈ অনা হয়৷ এই শ্রমিকৰ মাজৰে বহুসংখ্যক শ্রমিক আজিও সন্ধানহীন হৈ থকাৰ কথা প্রকাশ কৰে উপস্থিত একাংশ শ্রমিকে৷ যাৰ বাবে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ মেঘালয়ত দীর্ঘদিন ধৰি শ্রমিক হিচাপে কাম কৰা এইসকল শ্রমিকক খাচী ছাত্র সন্থাকে ধৰি অচিনাক্ত লোকে বাংলাদেশী বুলি মাৰধৰ কৰাৰো অভিযোগ উত্থাপন হৈছে৷ যোৱা পাঁচ দিন ধৰি মেঘালয়ৰ জংঘলত কথমপি কটোৱাৰ লগতে যোৱা পাঁচ দিন মেঘালয়ৰ ভোলাগাঁও থানাতে এই শ্রমিকসকলে থাকে যদিও মেঘালয় আৰক্ষীয়ে তেওঁলোকৰ বিশেষ খোৱা–লোৱাৰ ক্ষেত্রত কোনো সহায়–সহযোগ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ এই অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ মূলতেই চৰকাৰৰ ভুল নীতি আৰু হঠকাৰী সিদ্ধান্ত বুলি মত প্রকাশ কৰে একাংশ শ্রমিকে৷ এই শ্রমিকসকল অসমৰ ৰাণীত উপস্থিত হোৱাৰ পিছত ৰাণীত অসমৰ আৰক্ষী–প্রশাসনৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়াৰ উপৰি অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ তেওঁলোকে প্রায় পোন্ধৰখন বাছেৰে অসমৰ নলবাৰী, ধুবুৰী, বকো, ছয়গাঁও, গোৱালপাৰা, বঙাইগাঁও আদি বিভিন্ন ঠাইৰ শ্রমিকসকলৰ ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা কৰে৷ বিজেপিৰ সংখ্যালঘু কোষৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইনে ৰাণীত উপস্থিত হৈ প্রায় দহ দিন ধৰি আবদ্ধ হৈ পৰা এই শ্রমিকসকলক অসম চৰকাৰৰ তৎপৰতাত মেঘালয় আৰক্ষী–প্রশাসনে এক নিৰাপত্তা বেষ্টনীৰ মাজেৰে অসমলৈ প্রেৰণ কৰাত দুয়োখন চৰকাৰলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ লগতে এই সংঘাত দূৰ কৰাৰ বাবে সকলোকে শান্তিপূর্ণভাৱে আলোচনা কৰিবলৈ আহ্বান জনায়৷ আনহাতে ৰাণীত উপস্থিত হৈ বিজেপিৰ সংখ্যালঘু কোষৰ ৰাজ্যিক সম্পাদক ওছমান গণিয়ে এই শ্রমিকসকলৰ ক্ষেত্রত চৰকাৰক এক ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়৷ অন্যথা এই শ্রমিকসকল দিশহাৰা হৈ পৰিব বুলি কয়৷ লগতে এই দলটোত বিজেপিৰ সংখ্যালঘু কোষৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি মোৱাৰক হুছেইনো উপস্থিত থাকি শ্রমিকসকলৰ বুজ লয়৷ ইপিনে, ৰাণীত কিছুসংখ্যক লোকে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ড০ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ধ্বনি দিয়ে৷