মথুৰা বর্ষাণাৰ লাঠমাৰ হোলী
ফাকুৱা বা হোলীৰ দিনটোৰ বাবে আমি সকলোৱে গভীৰ আগ্রহেৰে অপেক্ষা কৰি থাকঁো৷ এতিয়া ৰঙৰ বতৰ৷ ফাকুৱা বা হোলী হিন্দুসকলৰ আধ্যাত্মিক চিন্তাধাৰাৰ লগত সম্পর্কিত অতি জনপ্রিয় উৎসৱ৷ সমগ্র ভাৰততে খুব আনন্দ আৰু উল্লাসেৰে হোলী উদ্যাপন কৰা হয়৷ হোলীৰ প্রাণকেন্দ্র বিশেষকৈ ব্রজধামতো উলহ–মালহেৰে এই উৎসৱ পালন কৰা হয়৷ আমাৰ সমাজত হয়তো এনে এজন পুৰুষ–মহিলা, শিশু বা বৃদ্ধ বিচাৰি পোৱাটো টান হ’ব, যিয়ে ফাকুৱা খেলিবলৈ ইচ্ছা প্রকাশ নকৰে৷ হ’ব পাৰে কিছুমানে ফাকুৱা খেলি খুব ভাল পায় আৰু কিছুমানে কমকৈ ভাল পায়৷ কিন্তু কম–বেছি পৰিমাণে সকলোৱে ৰঙৰ উৎসৱ ফাকুৱা খেলি আনন্দ উপভোগ কৰে৷ লোকবিশ্বাস অনুসৰি হোলীৰ আৰম্ভণি শ্রীকৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰাই হৈছিল৷ ফাকুৱা খেলক কেন্দ্র কৰি উত্তৰ প্রদেশৰ মথুৰা জিলাৰ এখন চহৰ বর্ষাণা সমগ্র বিশ্বতে আজিও প্রসিদ্ধ৷ আচলতে বর্ষাণা নামৰ স্থানতে ৰাধাৰ জন্ম হৈছিল৷ আৰু ৰাধাক ভগৱান শ্রীকৃষ্ণৰ প্রেমিকা বুলি জনা যায়৷ পৌৰাণিক গ্রন্থ আদিত উল্লেখ আছে যে ফাকুৱাৰ সময়ত ভগৱান শ্রীকৃষ্ণ বর্ষাণালৈ আহিছিল, আৰু ইয়াত কৃষ্ণই ৰাধা আৰু তেওঁৰ সখীসকলৰ সৈতে বিভিন্ন ধৰণে ধেমালি কৰি ৰং সানিছিল৷ তাৰ পাছত ৰাধাই তেওঁৰ সখীসকলক লগত লৈ লাঠীৰে কৃষ্ণৰ পিছে পিছে খেদি যোৱাৰ লগতে ৰং লগোৱাত বাধা দিছিল৷ সেই তেতিয়াৰ পৰাই বর্ষাণা অঞ্চলত আবিৰ সনাৰ লগতে ‘লাঠমাৰ হোলী’ খেল আৰম্ভ হয়৷ মন কৰিবলগীয়া যে ভাৰতবর্ষক সমগ্র বিশ্বৰ ভিতৰতে আটাইতকৈ অধিক সাংস্কৃতিক দিশত শক্তিশালী দেশ বুলি ধৰা হয়৷ ইয়াত প্রায় প্রতি সপ্তাহতে কিবা নহয় কিবা উৎসৱ অনুষ্ঠিত হৈ থাকে৷ কিন্তু এই উৎসৱসমূহৰ ভিতৰত আমাৰ দেশত প্রধানকৈ কেইটামান উৎসৱ অধিক গুৰুত্ব তথা জাকজমকতাৰে উদ্যাপন কৰা হয়৷ তাৰে ভিতৰত ফাকুৱা এটা এনেধৰণৰ উৎসৱ৷ এই উৎসৱক দেশৰ বিভিন্ন স্থানত বেলেগ বেলেগ ধৰণেৰে পালন কৰা হয়৷ তাৰে মাজতে এক ভিন্ন ধৰণেৰে ‘লাঠমাৰ হোলী’ উত্তৰ প্রদেশৰ মথুৰা জিলাৰ বর্ষাণা নামৰ স্থানত উদ্যাপন কৰা হয়৷ বর্ষাণাত ফাগুন মাহৰ শুক্লপক্ষৰ নৱমীৰ দিনা নন্দগাঁৱৰ ৰাইজে ফাকুৱা খেলিবলৈ আহে৷ ‘লাঠমাৰ হোলী’ লাঠী আৰু ঢ়ালেৰে খেলা হয়, এই খেলত মহিলাই পুৰুষক লাঠীৰে কোবাই বা প্রহাৰ কৰে আৰু পুৰুষসকলে পত্নীৰ লাঠীৰ প্রহাৰৰ পৰা ঢ়ালেৰে নিজকে ৰক্ষা কৰাৰ চেষ্টা চলায়৷ মনত ৰাখিব যে এয়া মাত্র এটা খেল, য’ত মহিলাই সঁচাকৈ লাঠীৰে প্রহাৰ নকৰে মাত্র খেলৰ মাধ্যমেৰে ৰাইজৰ ওচৰত প্রদর্শনহে কৰে৷ সাধাৰণতে ভাৰতবর্ষৰ অন্যান্য স্থানত যেতিয়া ফাকুৱা শেষ হয়, তাৰ পিছদিনা উদ্যাপন কৰা হয় লাঠমাৰ হোলী৷ কিন্তু মথুৰা, বৃন্দাবন, বর্ষাণা, গকুল, নন্দগাঁও আদিত এক সপ্তাহ ধৰি ফাকু খেল চলে৷ প্রতিদিনে ফাকুৱা ভিন্ন ধৰণে খেলা হয়৷
‘লাঠমাৰ হোলী’ৰ প্রস্তুতিঃ
এই ‘লাঠমাৰ হোলী’ত কৃষ্ণৰ সখা বুলি জনাজাত, য’ত স্থানীয় ভাষাত ‘হোৰিয়াৰে’ কোৱা হয়৷ এই ফাকু খেলৰ প্রস্তুতি পুৱাৰে পৰা ভাং খুন্দি চালি তৈয়াৰ কৰাত লাগি যায়৷ দুপৰীয়া হোৱাৰ লগে লগে নন্দগাঁৱৰ পৰা বর্ষাণালৈ যোৱাৰ প্রস্তুতি আৰম্ভ হয় আৰু পথটোত নন্দগাঁওবাসীয়ে শোভাযাত্রা উলিয়ায়৷ এই শোভাযাত্রাত সৰু–ডাঙৰ সকলোৱে উছাহেৰে অংশগ্রহণ কৰে আৰু ৰঙৰ উৎসৱৰ আনন্দ উপভোগ কৰি বিভিন্ন ধৰণৰ সংগীত গাই, ৰং ছটিয়াই, ইজনে–সিজনক জোকাই হাঁহি–স্ফূর্তিৰ লগতে ধেমালি কৰি বর্ষাণাত উপস্থিত হয়৷ ইপিনে ৰাধাৰ গাঁও বর্ষাণাত ৰাধা–কৃষ্ণই খেলা হোলী খেলৰ নিদর্শন ৰক্ষা কৰি নন্দগাঁৱত পুৰুষসকলে নিজৰ প্রিয়তমা অথবা সংগীক ৰং সানে আৰু ‘লাঠমাৰ হোলী’ খেলে৷