নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তি পাবলগীয়া কেইখনমান বলীউডৰ চিনেমা

সূর্যবংশী

বলীউডত হিট চিনেমা দিবলৈ সক্ষম হোৱা পৰিচালক ৰোহিত ছেট্টীৰ ‘সূর্যবংশী’ত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু কেটৰিনা কাঈফে৷ এই ছবিখনক লৈ বলীউডপ্রেমী লোকসকল অধিক উৎসাহী হৈ থকা দেখা গৈছে৷ ইয়াৰ পূর্বেও ৰোহিত ছেট্টীৰ ছবিসমূহে বিপুল সমাদৰ লাভ কৰিছিল৷ ‘সূর্যবংশী’ ছবিখনে মুক্তিলাভ কৰিব ২৭ মার্চত৷

৮৩

ভাৰতীয় দলে প্রথমবাৰৰ কাৰণে বিশ্বকাপ জিকিবলৈ সক্ষম হৈছিল ১৯৮৩ চনত৷ সেই সময়ত ভাৰতীয় দলৰ অধিনায়ক আছিল কপিল দেৱ৷ সেই কপিল দেৱক লৈয়ে নির্মাণ কৰা হৈছে ৮৩ নামৰ ছবিখন৷ ছবিখনত কপিল দেৱৰ যাত্রাৰ লগতে কিদৰে ভাৰতীয় দলে বিশ্বকাপ জিকিবলৈ সক্ষম হৈছিল, সেই সম্পর্কে এই চলচ্চিত্রখনত দেখুওৱা হ’ব৷ চলচ্চিত্রখন পৰিচালনা কৰিছে কবিৰ খানে৷ অভিনয় কৰিছে ৰণবীৰ সিং, দীপিকা পাডুকন, হার্দী সন্ধু, তাহিৰ ৰাজ ভাছিন, চাকিব ছালিম, অমৃতা পুৰী, জীভা, আম্মী ভির্ক, পংকজ ত্রিপাঠী, ছহিল খট্টাৰ আৰু ছিৰাগ পাটিল৷ এই ছবিখনে মুক্তিলাভ কৰিব অহা ১০ এপ্রিলত৷

ৰুহ আফজা
ভৌতিক আৰু কমেডী ছবি ‘ৰুহ আফজা’ ছবিখন পৰিচালনা কৰিছে হার্দিক মেহতাই৷ এই ছবিখনত অভিনয় কৰিছে জাহ্ণৱী কাপুৰ, ৰাজকুমাৰ ৰাও, বৰুণ শর্মা, পংকজ ত্রিপাঠী, আমনা শ্বাৰিফ, ৰোণিত ৰয় আদিয়ে৷ ছবিখনে মুক্তিলাভ কৰিব ১০ এপ্রিলত৷

গুলাবো ছিটাবো

বিগ বি অমিতাভ বচ্চন আৰু আয়ুষ্মান খুৰাণাৰ ছবি ‘গুলাবো ছিটাবো’ ছবিখনে মুক্তিলাভ কৰিব ১৭ এপ্রিল তাৰিখে৷ ছবিখন পৰিচালনা কৰিছে সুজিত সাৰকাৰে৷ উল্লেখ্য যে এই ছবিখনত অমিতাভ বচ্চন আৰু আয়ুষ্মান খুৰাণাই প্রথমবাৰৰ বাবে একেলগে অভিনয় কৰিছে৷ এই ছবিখনত প্রতিদিনে সাধাৰণ মানুহে কিদৰে সংগ্রাম কৰে সেই দিশটো দেখুওৱা হৈছে৷

কুলী নাম্বাৰ–১

ডেভিদ ধাৱান পৰিচালিত ‘কুলী নাম্বাৰ–১’ ছবিখনে দর্শকৰ সঁহাৰি পাবলৈ সক্ষম হ’ব বুলি আশা কৰিব পাৰি৷ ছবিখনত অভিনয় কৰিছে বৰুণ ধাৱান আৰু ছাৰা আলী খানে৷ এই ছবিখনে মুক্তিলাভ কৰিব অহা ১ মে’ত৷

চেহৰে
ৰুমী জাফাৰে পৰিচালনা কৰা ‘চেহৰে’ ছবিখনে মুক্তিলাভ কৰিব ২৪ এপ্রিলত৷ এই ছবিখনত অভিনয় কৰিব অমিতাভ বচ্চন আৰু আয়ুষ্মান খুৰাণাই৷

You might also like