নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমাচল প্রদেশত আদায় দিব লাগিব শৌচালয়ৰ কৰ

🔹 সুখবিন্দৰ সিং চৰকাৰক তীব্র সমালোচনা বিজেপিৰ

নিউজ ডেস্ক, ৫ অক্টোবৰ : আয়কৰ, পণ্য আৰু সেৱাকৰ, চুহ্লা কৰ আদিৰ পাছত এইবাৰ শৌচালয়ৰ কৰ আদায় কৰিব চৰকাৰে৷ কংগ্রেছশাসিত হিমাচল প্রদেশৰ চহৰ অঞ্চলত শৌচালয়ৰ বাবে অতিৰিক্ত ২৫ টকাকৈ মাহিলি কৰ আৰোপ কৰিছে চৰকাৰে৷ অভিযোগ অনুসৰি হিমাচল প্রদেশৰ সুখবিন্দৰ সিং সুখুৰ চৰকাৰে এনে বিবৃতি জাৰি কৰিছে৷ এই ঘটনাৰ প্রতিবাদত সৰৱ হৈছে গেৰুৱা শিবিৰ৷ ৰাজ্যখনৰ আর্থিক সংকটৰ মোকাবিলা কৰিবলৈ কংগ্রেছ চৰকাৰে এনে বিবৃতি প্রকাশ কৰা বুলি প্রকাশ পাইছে৷ নিষ্কাশন ব্যৱস্থা আৰু পানীৰ বিল সম্পর্কীয় বিষয়ত প্রকাশিত এই বিবৃতিত হেনো উল্লেখ কৰা হৈছে যে পানীৰ বিলৰ ৩০ শতাংশ হ’ব নিষ্কাশনৰ বিল৷ যিসকলে নিজৰ উৎসৰ পৰা পানী ব্যৱহাৰ কৰে আৰু কেৱল চৰকাৰী বিভাগৰ নিষ্কাশন কানেকচন ব্যৱহাৰ কৰে তেওঁলোকে ঘৰৰ প্রতিটো টয়লেট ছিটৰ বাবে প্রতি মাহে ২৫ টকাকৈ কৰ দিব লাগিব৷ ইয়াৰ সৈতে পানীৰ বিল থাকিব ১০০ টকা৷ নিষ্কাশন বিলৰ লগতে এই অতিৰিক্ত বিল জলশক্তি বিভাগৰ একাউণ্টলৈ ট্রেন্সফাৰ কৰা হ’ব৷ বিজেপি বিষয়টোক লৈ সৰৱ হোৱাৰ পাছত চৰকাৰে কেৱল পানীৰ কৰ সম্পর্কীয় বিবৃতি জাৰি কৰা বুলিহে দাবী কৰিছে৷

You might also like