নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়ান পৰাগে পূৰাব বিৰাট কোহলিৰ স্থান

🔹 টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা স্পিনাৰ হৰভজন সিঙৰ মন্তব্য

নিউজ ডেস্ক, ৬ অক্টোবৰ : চলিত বর্ষৰ মাজভাগত অন্ত পৰিল ভাৰতীয় ক্রিকেট দলৰ দীর্ঘদিনীয়া অপেক্ষা৷ ২৯ জুনত ৱেষ্ট ইণ্ডিজৰ বার্বাডোজত ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলে চুম্বন আঁকে টি–২০ বিশ্বকাপৰ খিতাপত৷ ইয়াৰ লগে লগে ২০০৭ চনৰ উদ্বোধনী বর্ষৰ টি–২০ বিশ্বকাপ জয়ৰ পিছতে ভাৰতীয় ক্রিকেট দলে টি–২০ বিশ্বকাপত দেখি অহা ব্যর্থতাৰ অৱসান ঘটে৷ দেশৰ ক্রিকেট অনুৰাগীয়ে এই সুখকৰ মুহূর্ত উপভোগ কৰি থকাৰ সময়তে আহে আন এক দুখৰ খবৰো৷ এই খবৰে প্রতিগৰাকী ক্রিকেটাৰৰ মনলৈ খিতাপ জয়ৰ পূর্ণতাৰ মাজতো আনি দিয়ে এক বিৰাট শূন্যতা৷ যোৱা এটা দশকতকৈও অধিক সময় ধৰি ভাৰতীয় ক্রিকেটৰ ধ্বজা বহন কৰি অহা দুই তাৰকা ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে বিশ্বকাপ জয়ৰ পিছতে অৱসৰ লয় টি–২০ ফর্মেটৰ পৰা৷ সাফল্যৰ সুখানুভূতি লগত লৈ টি–২০ ক্রিকেটক বিদায় দিয়ে ৰোহিত–কোহলিয়ে৷ ইয়াৰ পিছতে ভাৰতীয় দলত ভৱিষ্যতে এই দুই তাৰকাৰ স্থান কোনে পূৰ কৰাৰ সম্ভাৱনা আছে, এই বিষয়ত দেখিবলৈ পোৱা গৈছে আলোচনা৷ এনে চর্চাত শেহতীয়াকৈ নাম সংযোগ ঘটিছে দেশৰ প্রাক্তন তাৰকা হৰভজন সিঙৰ৷ এক সাক্ষাৎকাৰত হৰভজনে দুই যুৱ তাৰকাই ৰোহিত আৰু কোহলিৰ উত্তৰাধিকাৰী হিচাপে স্থান পূৰাব বুলি আশা কৰিছে৷ হৰভজনৰ এই বাছনিত উঠিছে অসম-সন্তান ৰিয়ান পৰাগো৷ সম্প্রতি ক্রিকেট জগতত নিজৰ প্রদর্শনেৰে সকলোৰে দৃষ্টি আকর্ষণ কৰা ৰিয়ানে ভাৰতীয় ক্রিকেট দলৰ মেৰুদণ্ডস্বৰূপ বিৰাট কোহলিৰ স্থান পূৰাব পাৰে বুলি আশা কৰিছে হৰভজন সিঙে৷ একেদৰে শেহতীয়া সময়ছোৱাত নিজৰ বিস্ফোৰক বেটিঙেৰে দলৰ এগৰাকী নির্ভৰযোগ্য তাৰকা হৈ উঠা যশস্বী জয়ছোৱালক ৰোহিত শর্মাৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰিছে প্রাক্তন তাৰকাগৰাকীয়ে৷ এই প্রসংগতে তেওঁ ৰোহিতৰ স্থানত অ’পেনাৰ হিচাপে জয়ছোৱালে আৰু মিডল অর্ডাৰত ৰিয়ান পৰাগে কোহলিৰ স্থান ল’ব পাৰে বুলি আশা কৰে৷ হৰভজনৰ আশা– ৰিয়ান পৰাগে ভৱিষ্যতে ভাৰতীয় দলৰ বাবে মেচ বিজয়ী ইনিংছ খেলাৰ দৃশ্য দেখিবলৈ পাব ভাৰতীয় অনুৰাগীয়ে৷ উল্লেখ্য যে চলিত বর্ষৰ জুলাই মাহত জিম্বাব’ৱে ভ্রমণত টি–২০ ফর্মেটৰ জৰিয়তে ভাৰতীয় দলৰ হৈ অভিষেক ঘটায় ৰিয়ানে৷ ইয়াৰ পিছতে শ্রীলংকা ভ্রমণতো ভাৰতীয় দলত স্থান লাভ কৰে ৰিয়ানে৷ মিডল অর্ডাৰত এগৰাকী বিস্ফোৰক বেটাৰৰ লগতে প্রয়োজনৰ সময়ত এগৰাকী স্পিনাৰ হিচাপেও শেহতীয়া সময়ছোৱাত ৰিয়ানে নিজকে প্রমাণ কৰিছে৷ বাংলাদেশৰ বিৰুদ্ধে আগন্তুক শৃংখলাত ৰিয়ানে ভাৰতীয় দলত নিজৰ স্থান নিগাজি কৰাৰ এক সুবর্ণ সুযোগ লাভ কৰিব৷

You might also like