নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথৰ পৰা ২০০ ফুট গভীৰ খাৱৈত পৰিল বাছ : ৩০ বিবাহযাত্রীৰ মৃত্যু

নিউজ ডেস্ক, ৬ অক্টোবৰ : ভয়াৱহ দুর্ঘটনা উত্তৰাখণ্ডত৷ বিবাহযাত্রী কঢ়িয়াই অনা বাছ গভীৰ খাৱৈত বাগৰি পৰি কমপক্ষেও ৩০গৰাকী লোক নিহত হৈছে৷ আহত হৈছে অন্য কেইবাজনো৷ ঘটনাস্থলীত যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰা হয় উদ্ধাৰ অভিযান৷ আহতসকলক উদ্ধাৰ কৰি স্থানীয় হাস্পতাললৈ প্রেৰণ কৰা হয়৷ নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে প্রশাসনে৷ ইতিমধ্যে দুর্ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় উত্তৰাখণ্ড বিধানসভাৰ অধ্যক্ষ ঋতু খান্দুৰি৷ দুর্ঘটনাস্থলীত স্থানীয় গঞাৰ বিক্ষোভৰ সন্মুখীন হয় খান্দুৰি৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি পৰহি নিশা ৮ বজাত এই দুর্ঘটনা সংঘটিত হয় উত্তৰাখণ্ডৰ পৌড়ী জিলাত৷ হৰিদ্বাৰৰ লালধাঙৰ পৰা পৌড়ীৰ বিৰনখাল গাঁৱলৈ দৰাৰ সৈতে বিবাহযাত্রীসকলক কঢ়িয়াই নিছিল বাছখনে৷ কইনাৰ ঘৰলৈ মাত্র ২ কিলোমিটাৰ পথ থকা সময়তে নিয়ন্ত্রণ হেৰুৱাই বাছখন ২০০ ফুট গভীৰ এটা খাৱৈত গৈ পৰে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, দুর্ঘটনাৰ সময়ত বাছখনত ৫০গৰাকী যাত্রী আছিল৷ বাছখন খাৱৈত পৰাৰ লগে লগে যাত্রীসকলে চিৎকাৰ কৰিবলৈ ধৰে৷ এই আর্ত চিৎকাৰ শুনি স্থানীয় গঞাই ঘটনাস্থলীত আহি উপস্থিত হয়৷ খবৰ দিয়া হয় আৰক্ষীকো৷ আৰক্ষীৰ লগতে ঘটনাস্থলীত এছডিআৰএফৰ দলো উপস্থিত হয়৷ স্থানীয় গঞা আৰু এছডিআৰএফে আৰম্ভ কৰে উদ্ধাৰ অভিযান৷ কিন্তু ইতিমধ্যে দুর্ঘটনাস্থলীত প্রাণ হেৰুৱায় ৩০গৰাকী লোকে৷ আহতসকলক স্থানীয় হাস্পতাললৈ প্রেৰণ কৰা হয়৷ আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি হাস্পতালৰ সূত্রই সদৰী কৰিছে৷

You might also like