নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদ্মা নদীৰ তিনিটা ইলছা বিক্রী হ’ল ২৬ হাজাৰ টকাত

নিউজ ডেস্ক, ৬ অক্টোবৰ : পদ্মা নদীৰ ইলছাৰ সোৱাদেই সুকীয়া৷ এই পদ্মাৰ ইলছা বিশ্বৰ বজাৰত বহু মূল্যত বিক্রী হয়৷ শেহতীয়াকৈ বাংলাদেশৰ ৰাজবাৰী জিলাৰ দৌলতদিয়াত পদ্মাৰ ইলছাই নতুন অভিলেখ গঢ়িলে৷ ৬.৫ কিলোগ্রাম ওজনৰ তিনিটা ইলছাৰ দাম উঠিল ২৬ হাজাৰ টকা। এগৰাকী প্রবাসীয়ে এই বৃহৎ মূল্যত অনলাইনত ক্রয় কৰিছে এই ইলছা তিনিটা৷ ৰাজবাৰী জিলাৰ দৌলতদিয়া সংলগ্ণ পদ্মা–যমুনাৰ মোহনাত বৃহস্পতিবাৰে আব্দুল হাই হালডাৰ নামৰ এগৰাকী মাছমৰীয়াই অন্য মৎস্যজীৱীসকলৰ সৈতে মাছ চিকাৰ কৰিবলৈ যায়৷ বিয়লি আব্দুল হাইৰ জালত বৃহৎ আকাৰৰ তিনিটা ইলছা মাছ ধৰা পৰে৷ তিনিওটা ইলছাৰ ওজন হয় ৬ কেজি ৫০০ গ্রাম৷ এই তিনিওটা মাছ ফেৰীঘাটত মুঠ ২৪ হাজাৰ ৭০০ টকাত ক্রয় কৰে ব্যৱসায়ী মহম্মদ শ্বাহজাহানে৷ ইয়াৰ পাছত এগৰাকী প্রবাসী ক্রেতাই শ্বাহজাহানৰ পৰা তিনিওটা ইলছা ক্রয় কৰে ২৬ হাজাৰ টকাত৷ পদ্মাৰ ইলছাৰ বাবে ইমান ধন দিবলৈ কোনোধৰণৰ কার্পণ্য নকৰিলে ক্রেতাগৰাকীয়ে৷ স্মর্তব্য যে পদ্মাৰ ইলছা প্রতি কিলোগ্রামত বিভিন্ন স্থানত ৪ হাজাৰ টকা পর্যন্ত দাম উঠে৷

You might also like