দুমাহৰ ভিতৰতে অলিম্পিকৰ পদকৰ ৰং সলনি
🔹 পেৰিছ অলিম্পিকৰ পদকক লৈ ভাৰতৰ হকী খেলুৱৈ হার্দিকৰ বিস্ফোৰক মন্তব্য
নিউজ ডেস্ক, ৮ অক্টোবৰ : পেৰিছ অলিম্পিকৰ সময়ত পদকসমূহৰ মানক লৈ প্রশ্ণ উত্থাপন হৈছিল৷ কেইবাগৰাকীও খেলুৱৈয়ে পদক ক্ষয় যোৱাৰ অভিযোগ তুলিছিল৷ এইবাৰ ভাৰতৰ তাৰকা হকী খেলুৱৈ হার্দিক সিঙেও পেৰিছ অলিম্পিকৰ পদকক লৈ অভিযোগ আনিছে৷ পেৰিছ অলিম্পিকৰ হকীত ব্রঞ্জৰ পদক জয়ী ভাৰতীয় দলটোৰ সদস্য হার্দিক সিঙে পদকৰ ৰং ম্লান পৰাৰ বিষয়ে এক সাক্ষাৎকাৰত সদৰী কৰিছে৷ এটা প’ডকাষ্টত অতিথি হিচাপে অংশগ্রহণ কৰা হার্দিকে কয় যে পেৰিছ অলিম্পিকৰ আয়োজকে পদকত আইফেল টাৱাৰৰ লোহাৰ টুকুৰা আছে বুলি মন্তব্য কৰিছিল৷ তেওঁলোকৰ এটাই কাম আছিল- উন্নত মানৰ পদক বনোৱা৷ কিন্তু মই সেইটো দেখা পোৱা নাই৷ যিয়েই নহওক, মোৰ কোনো সমস্যা নাই৷ অলিম্পিকত পদক লাভ কৰাটো মোৰ জীৱনৰ সর্বোত্তম কৃতিত্ব৷ মন কৰিবলগীয়া যে ২০২১ চনৰ টকিঅ’ অলিম্পিকত পুৰুষৰ বেডমিণ্টনত সোণৰ পদক লাভ কৰিছিল ডেনমার্কৰ এক্সেলছেনে৷ পেৰিছতো তেওঁ পদক জয় কৰে৷ অলিম্পিকৰ সময়ত তেওঁ এটা ভিডিঅ’ মুকলি কৰিছিল৷ তাত লাভ কৰা স্বর্ণ পদক দুটা তেওঁ ওচৰা–উচৰিকৈ ৰাখিছিল৷ এক্সেলছেনৰ মতে, টকিঅ’ত পোৱা পদকসমূহৰ ভিতৰত সোণৰ পৰিমাণ আছিল ৯ শতাংশ৷ পেৰিছত ই ১ শতাংশলৈ হ্রাস পায়৷ অলিম্পিক শেষ হ’লেও পদকক লৈ এতিয়াও অভিযোগ উত্থাপন হৈ আছে৷