নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ

🔹 আজি দ্বিতীয় টি–২০ : প্রত্যাৱর্তনক লৈ আশাবাদী বাংলাদেশ

নিউজ ডেস্ক, ৯ অক্টোবৰ : দিল্লীত টি–২০ শৃংখলা দখলৰ লক্ষ্যৰে নামিব সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলে৷ আলহী দল বাংলাদেশৰ বিপক্ষে খেলি থকা তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি দিল্লীত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাটোৰ গোৱালিয়ৰত অনুষ্ঠিত প্রথমখন মেচত সহজ বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত আছে যুৱ খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলটো৷ আজিৰ দ্বিতীয়খন মেচতো জয়লাভ কৰাৰ লক্ষ্য লৈছে সূর্যকুমাৰ যাদৱ বাহিনীয়ে৷ কেইবাজনো আগশাৰীৰ খেলুৱৈ অবিহনে শৃংখলাটোত ভাগ লোৱা ভাৰতীয় দলটোৱে প্রথমখন মেচত সুন্দৰ প্রদর্শন দাঙি ধৰে৷ আজি মেচখনৰ মূল একাদশত বিশেষ কোনো সালসলনি ঘটাৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰি ভাৰতীয় দলটোৰ অধিনায়কগৰাকীয়ে কয় যে সতীর্থসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে৷ মেচখনৰ মূল একাদশত বিশেষ কোনো সালসলনি কৰাৰ কথা ভবা নাই৷ গোৱালিয়ৰত হৈ যোৱা প্রথমখন মেচত চাঞ্চল্যকৰ পেচ বলাৰ মায়ংক যাদৱৰ লগতে অর্শদীপ সিং, বৰুণ চক্রৱর্তীয়ে সুন্দৰ প্রদর্শন দাঙি ধৰিছে৷ আশা কৰিছোঁ, দ্বিতীয়খন মেচতো তেওঁলোকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব৷ ইফালে, আজিৰ মেচখনতো সঞ্জু ছেমছন আৰু অভিষেক শর্মাই ইনিংছ মুকলি কৰিব বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে দিল্লীত আমি শৃংখলা দখলৰ লক্ষ্য লৈছোঁ৷ ইফালে, আলহী দল বাংলাদেশে শৃংখলাটোত প্রত্যাৱর্তন কৰাৰ লক্ষ্য লৈছে৷ প্রথমখন মেচত পৰাস্ত হোৱা বাংলাদেশে আজিৰ মেচখনত জয়লাভ কৰি শৃংখলাটোত বর্তি থকাৰ লক্ষ্য লৈছে বুলি ব্যক্ত কৰে দলটোৰ অধিনায়ক নজমুল হুছেইন ছাণ্টোৱে৷ খেলৰ সময় : নিশা ৭ বজা৷

You might also like