পৰিয়ালৰ ১৩জনক বিহ খুৱাই হত্যা তৰুণীৰ
🔹 প্রেমিকৰে বিয়াত বহিবলৈ নিদিয়াৰ প্রতিশোধ
বিশেষ বাৰ্তা, ৯ অক্টোবৰ : কন্যাক নিজৰ পছন্দৰ যুৱকৰ সৈতে বিয়া দিবলৈ ৰাজী হোৱা নাছিল পিতৃ–মাতৃ তথা পৰিয়ালৰ সদস্যসকল৷ ইয়াতে ক্ষুব্ধ হৈ পৰিয়ালৰ ১৩ সদস্যক বিহ খুৱাই হত্যা কৰাৰ অভিযোগ উঠিছে তৰুণীৰ বিৰুদ্ধে৷ ভয়ংকৰ এই ঘটনা সংঘটিত হৈছে পাকিস্তানৰ সিন্ধ প্রদেশত৷ যোৱা ১৯ আগষ্টত সিন্ধ প্রদেশৰ খয়েৰপুৰৰ ওচৰৰ হাইবত খান ব্র’হি নামৰ গাঁওখনত এই ঘটনা সংঘটিত হৈছে৷ তদন্তত নামি আৰক্ষীয়ে ঘটনাৰ প্রকৃত সত্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে৷ দেওবাৰে তৰুণীগৰাকীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে এজন যুৱকৰ সৈতে প্রেমৰ সম্পর্ক আছিল তৰুণীৰ৷ প্রেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ বিচাৰিছিল তৰুণীগৰাকীয়ে৷ কিন্তু পৰিয়াল এইক্ষেত্রত সন্মত নাছিল৷ সেয়ে পৰিয়ালৰ ওপৰত ক্ষুব্ধ হৈ গোটেই পৰিয়ালটোকে হত্যাৰ ষড়যন্ত্র ৰচে তৰুণীগৰাকীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি পৰিয়ালটোৰ ১৩জন সদস্যক বিহ মিহলি কৰা খাদ্য খুৱাইছিল তৰুণীগৰাকীয়ে৷