নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ সন্মুখতেই বিজেপি বিধায়কক চৰ অধিবক্তাৰ

🔹 সমবায় বেংকৰ নির্বাচনত মতানৈক্য

বিশেষ বাৰ্তা, ৯ অক্টোবৰ : আৰক্ষীৰ সন্মুখতে বিজেপি বিধায়কক প্রচণ্ড চৰ শোধোৱা ঘটনাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে উত্তৰ প্রদেশৰ লখিমপুৰত৷ ঘটনাৰ সূত্রপাত সমবায় বেংকৰ নির্বাচনক কেন্দ্র কৰি৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, সমবায় বেংকৰ নির্বাচনক লৈ বাৰ কাউন্সিলৰ সদস্য অৱধেশ সিং আৰু বিধায়ক যোগেশ বার্মাৰ মাজত বাদানুবাদ সৃষ্টি হয়৷ তাৰ পাছতে সেই কাজিয়া গৈ হতাহতিত পৰিণত হয়৷ আজি সমবায় বেংকৰ নির্বাচনত বিজেপিৰ এগৰাকী প্রার্থীৰ মনোনয়নৰ বাবে আহিছিল বিধায়কগৰাকী৷ ইয়াতেই উপস্থিত হয় অধিবক্তা অৱধেশ সিং৷ বিধায়ক বার্মাৰ অভিযোগ অনুসৰি, মনোনয়ন-পত্র ফালি দিয়ে অৱধেশ সিঙে৷ এই ঘটনাক লৈ প্রতিবাদ কৰাৰ সময়তে অৱধেশ আৰু তেওঁৰ সংগীসকলে যোগেশ বার্মাক আক্রমণ কৰে৷ লক্ষণীয়ভাৱে আৰক্ষীয়ে তাৎক্ষণিকভাৱে এই ঘটনা নিয়ন্ত্রণলৈ আনে যদিও অৱধেশে বিধায়ক বার্মাক প্রচণ্ড চৰ শোধায়৷ বিধায়কগৰাকীয়ে আৰক্ষীৰ সন্মুখতে এনেদৰে অধিবক্তাৰ আতিশয্যৰ সন্মুখীন হ’বলগীয়া হোৱা ঘটনাক বিভিন্ন মহলে ধিক্কাৰ দিছে৷ এই ঘটনাৰ বাবে অৱধেশে ফল ভুগিব লাগিব বুলি বিধায়কগৰাকীয়ে হুংকাৰ দিয়াৰ পাছত অধিবক্তা অৱধেশেও ওলোটা অভিযোগ আনিছে৷ নির্বাচনত প্রভাৱিত কৰাৰ বাবে বিধায়কগৰাকীয়ে চেষ্টা চলোৱা বুলি অভিযোগ কৰে অৱধেশে৷

You might also like