ক’ৰোনা আতংকঃ গুৱাহাটী গ্রন্থমেলা স্থগিত
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ অসম প্রকাশন পৰিষদৰ উদ্যোগত অহা ১৪ মার্চৰ পৰা ২৫ মার্চ, ২০২০লৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব লগা ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলা, ২০১৯–২০ স্থগিত ৰখা হৈছে ৷ অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এখন সংবাদ বিজ্ঞপ্তিত দেওবাৰে জানিবলৈ দিয়া মতে, সম্প্রতি বিশ্বৰ বিভিন্ন স্থানত বিয়পি পৰা ক’ভিড–১৯ ভাইৰাছৰ পৰিপ্রেক্ষিতত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু কল্যাণ মন্ত্রালয়ে জাৰি কৰা সতর্কতামূলক ব্যৱস্থা তথা পৰামর্শ অনুসৰি অসম প্রকাশন পৰিষদে এই গ্রন্থমেলা স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে ৷ কেন্দ্রীয় চৰকাৰৰ এনে পৰামর্শ অনুসৰিয়েই প্রস্তুতি প্রায় সম্পূর্ণ হোৱা ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাখন প্রকাশন পৰিষদে স্থগিত ৰাখে ৷ ইতিমধ্যে গ্রন্থমেলাত অংশগ্রহণৰ বাবে নিশ্চিতি প্রদান কৰা গ্রন্থ বিপণীসমূহক গ্রন্থমেলা স্থগিতকৰণৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হৈছে ৷