নিউজ ডেস্ক, ১০ অক্টোবৰ : উদ্যোগপতি মানৱদৰদী ৰতন টাটাক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্রদানৰ বাবে আজি মহাৰাষ্ট্র চৰকাৰে প্রস্তাৱ গ্রহণ কৰে। এই প্রস্তাৱ কেন্দ্রীয় চৰকাৰক আগবঢ়াব মহাৰাষ্ট্র চৰকাৰে৷ মহাৰাষ্ট্রৰ কেবিনেট বৈঠকত উদ্যোগপতি, টাটা গ্রুপছৰ প্রাক্তন অধ্যক্ষ ৰতন টাটাৰ বিয়োগত শোক প্রস্তাৱ গ্রহণ কৰি চৰকাৰখনে ভাৰতৰত্ন প্রদানৰ বাবে কেন্দ্রীয় চৰকাৰলৈ প্রস্তাৱ আগবঢ়াব বুলি জনায় ৷ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রী কার্যালয়ে প্রকাশ কৰা মতে, কেবিনেটে আজি প্রয়াত উদ্যোগপতি ৰতন টাটাক দেশৰ সর্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্রদানৰ বাবে কেন্দ্রলৈ প্রস্তাৱ আগবঢ়াব৷ উল্লেখ্য যে দেশৰ দ্বিতীয় সর্বোচ্চ সন্মান পদ্মবিভূষণেৰে সন্মানিত ৰতন টাটাই ঔদ্যোগিক ক্ষেত্রখনত নৱ জাগৰণ সৃষ্টি কৰাৰ লগতে সমাজৰ বিকাশত এক নতুন মাত্রা প্রদান কৰি থৈ গৈছে৷ দৰিদ্র জনগণৰ বিকাশৰ বাবে অহোপুৰুষার্থ কৰি অহা মানৱদৰদী ৰতন টাটা দেশৰ বাবে এজন দুৰদৃষ্টিসম্পন্ন উদ্যোগপতিয়েই নহয়, সমাজসেৱীও আছিল৷ ঔদ্যোগিক ক্ষেত্রত উন্নীত কৰাই নহয়, সমাজৰ উন্নতিৰ ক্ষেত্রতো বিভিন্ন পদক্ষেপ গ্রহণ কৰিছিল ৰতন টাটাই৷ মুখ্যমন্ত্রী একনাথ শিন্দেৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত উদ্যোগপতি ৰতন টাটাই ঔদ্যোগিক ক্ষেত্রৰ লগতে সমাজলৈ আগবঢ়োৱা অনবদ্য বৰঙণি সন্দর্ভত বিতং আলোচনা কৰি প্রয়াত টাটাক সোঁৱৰণ কৰে৷ শোক প্রস্তাৱৰ সমান্তৰালকৈ কেবিনেটে মৰণোত্তৰভাৱে ৰতন টাটাক ভাৰতৰত্ন প্রদানৰ প্রস্তাৱো গ্রহণ কৰে৷ মহাৰাষ্ট্র চৰকাৰৰ এই প্রস্তাৱক কেন্দ্রই কিদৰে বিবেচনা কৰে, সেয়া পৰৱর্তী সময়ত লক্ষণীয় হ’ব৷