যদিও মই বিজ্ঞানৰ সাধক, তথাপি বিগত দুটা দশকৰ ভিতৰত প্রত্যক্ষ আৰু পৰোক্ষভাৱে তন্ত্র–মন্ত্রৰ বিচিত্র ঘটনাৰ লগত মোৰ সাক্ষাৎ হৈছে৷ এই বিচিত্র অভিজ্ঞতাৰ ভিতৰত আপোনালোকক অৱগত কৰিবলগীয়া বুলি ভাবিছোঁ এক প্রয়োজনীয় ঘটনা৷ আনন্দ হালৈ৷ এজন অতি কর্মশীল গাঁৱলীয়া মানুহৰ নাম৷ সম্বন্ধসূত্রে তেখেতৰ শাৰীৰিক ব্যাধিৰ বিষয়ে জানিব পাৰিছিলোঁ৷ মানুহজন অতি কর্মশীল যদিও বিগত বিশ বছৰে কঁকাল আৰু ভৰিৰ বিষ সহ্য কৰি কৰি গোটেই শৰীৰটো আগফালে হালি গৈ সম্পূর্ণৰূপে ভাঁজ ধৰিছে৷ যাক চিকিৎসা বিজ্ঞানৰ ভাষাত বেম্ব’ স্পাইন বুলিও কোৱা হয়৷ প্রথমতে তেখেতক দেখি ভাবিছিলো মানুহজনৰ চিকিৎসাৰ অভাৱতেই তেনেকুৱা অৱস্থা হৈছে কিজানি৷ পিছলৈ কথা পাতি ভালদৰে বুজিব পাৰিছিলো সুস্বাস্থ্য সকলোৰে বাঞ্ছনীয় যদিও সফলতা নির্ভৰ ক ৰে বিভিন্ন পৰিস্থিতিৰ ওপৰত৷ সুস্বাস্থ্যৰ বাবে মানুহে যে কি নকৰে তেখেতৰ মনৰ উমান লৈ জানিব পাৰিলো মানুহে সুস্বাস্থ্যৰ বাবে কিয় চিকিৎসাৰ বিকল্প পদ্ধতি অৱলম্বন কৰে৷ আজিৰ পৰা বিশ বছৰ আগতে হেনো গুৱাহাটীৰ আগশাৰীৰ স্নায়ু বিশেষজ্ঞ এজনৰ দ্বাৰাই চিকিৎসা আৰম্ভ কৰিছিল কঁকালৰ আৰু বাঁওভৰিৰ সাধাৰণ বিষ নিৰাময়ৰ বাবে৷ ৰোগীজনক চুই নোচোৱাকে দৰব লিখা বাবে আৰু দৰবখিনি খাই একো সুফল নোপোৱা বাবেই আৰম্ভ হৈছিল চিকিৎসক সলনিৰ নিৰন্তৰ ব্যৱস্থা৷ হাড বিশেষজ্ঞ, স্নায়ু বিশেষজ্ঞ, মেডিচিন বিশেষজ্ঞ একোৰে চিকিৎসা ল’বলৈ বাকি ৰাখা নাছিল৷ কিন্তু যেতিয়া মই তেখেতক লগ পাইছিলো, ভুগি থকা ৰোগৰ বিষয়ে জানিব বিচাৰিছিলোঁ৷ কিন্তু তেখেতে নিজে ভুগি থকা ৰোগটোৰ নাম ক’ব পৰা নাছিল৷ কেৱল কঁকালৰ পৰা বাঁওভৰিখনলৈ বিষ বুলিয়ে ক’লে৷ বিষৰ বাবে আগফালে হাউলি থাকোঁতে আৰু ৰাতিও চিধা হৈ শুৱ নোৱাৰা বাবেই এনেদৰে ভাঁজ ধৰিছে হেনো তেওঁ৷ যদি ৰোগ নির্ণয়ে হোৱা নাছিল, তেন্তে চিকিৎসা কি কৰি আছিল বুজাত অসুবিধা হৈছিল মোৰ৷ যেতিয়া মানুহ ৰোগাক্রান্ত হৈ থাকে, তেতিয়া সকলো মানুহৰে উপদেশ মানিবলৈ লয়৷ কিজানিবা সুফল পায়েই৷ সেইবাবেই হয়তো বিশেষজ্ঞৰ চিকিৎসা এৰি আৰম্ভ হৈছিল অন্য এক যাত্রা৷ বিকল্প চিকিৎসা যাত্রাত হোমি’পেথি, আয়ুর্বেদিক, তন্ত্র–মন্ত্র সকলো কৰা হৈছিল৷ আনকি তন্ত্র–মন্ত্রৰ নামত ভাঁজ লগা মানুহজনক মাজচোতালত ওলোটাকৈ শুৱাই লৈ তান্ত্রিকে ভৰিৰে গচকি চিকিৎসাৰ নামত অমানৱীয় অত্যাচাৰ কৰিছিল৷ শিৱসাগৰৰ পৰা বিজনিলৈ আৰোগ্য বিচাৰি হাবাথুৰি খোৱা মানুহজনক লগ পাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ু শল্য চিকিৎসা বিভাগৰ প্রবক্তা (মোৰ দাদা সদৃশ) এজনৰ ওচৰলৈ লৈ গ’লো৷ ভালদৰে পৰীক্ষা কৰাৰ পিছত এম.আৰ.আই কৰি ৰাজহাডৰ বিষয়ে জানিব বিচাৰিলে তেখেতে, লগতে তেজৰ পৰীক্ষা কেইটামান লিখিলে৷ উন্নত পর্যায়ৰ এম.আৰ.আই কৰা লেবৰেটৰী এটাত তেখেতক লৈ যোৱা হ’ল৷ তাত তেখেতে চিধা হৈ শুৱ নোৱাৰা বাবে এম. আৰ. আই কৰিব নোৱাৰো বুলি ক’লে৷ মই তাত থকা চিকিৎসকজনৰ লগত বিতংভাৱে কথা পতাত তেখেতে স্কেন কৰি ৰোগ নিৰূপণ কৰিব পাৰিব বুলি জনালে৷ অৱশেষত ৰোগ নিৰূপণ কৰা হ’ল৷ ৰোগ আছিল মূলতঃ এংকালোজিং স্পণ্ডিলাইটিছ আৰু স্পাইন ডিফিউজন৷ তাত চিকিৎসা কৰাৰ পিছত কিছু স্বাস্থ্যৰ উন্নতি হ’ল৷
ৰোগীজনৰ স্বাস্থ্য সমস্যা সিমানতেই অন্ত নহ’ল৷ তেখেতক ফিজি’থেৰাপিৰ উপদেশও দিয়া হ’ল৷ এইবাৰ অন্য এক অধ্যায় আৰম্ভ হ’ল৷ কোনোবা মানুহৰ চিনাকিৰে এজন ফিজি’থেৰাপিষ্টক ঘৰলৈ আমন্ত্রণ কৰি আনিলে৷ তেওঁ ব্যায়ামৰ বিপৰীতে টেন্স নামৰ যন্ত্র এটা লগাই থৈ বিশ মিনিটমান সময় মোবাইল টিপি বহি থাকে৷ এইখিনি কামৰ বাবে লয় দৈনিক তিনিশ টকা৷ কিছুদিন যোৱাৰ পিছত তেওঁ এদিন কি দৰব ব্যৱহাৰ কৰি আছে তাকে চাব বিচাৰিলে৷ সকলোবোৰ দৰব তেওঁ চালে আৰু ক’লে এইবোৰ খালে আপোনাৰ কিডনী, লিভাৰ সকলোবোৰ বেয়া হৈ যাব৷ গতিকে আপুনি আয়ুর্বেদিক দৰব ব্যৱহাৰ কৰা উচিত৷ আগতে তেখেতে আয়ুর্বেদিক দৰব ব্যৱহাৰ কৰি কোনো সুফল নোপোৱাৰ কথা জনালে৷ তাৰ পিছত তেওঁ আশ্বাস দিলে যে তেওঁ আনি দিয়া দৰবখিনি খাই চাওক নিশ্চয়কৈ ভাল পাব৷ কথা মতেই কাম৷ পিছদিনা ডাঙৰ ডাঙৰ পাঁচটামান বটল আৰু তিনিবিধমান টেবলেট আনি দিলে৷ বাকী সকলো দৰব বন্ধ কৰি মানুহজনে দিয়া দৰব এমাহলৈ খালে৷ কোনো সুফল নোপোৱা বাবে তেওঁৰ ফিজি’থেৰাপি আৰু দৰব দুয়োটায়ে বন্ধ কৰিলে৷ পিছত জানিব পাৰিলে যে তেওঁ ফিজি’থেৰাপিষ্ট নাছিল, ফিজি’থেৰাপিষ্ট এজনৰ সহায়কহে আছিল৷ এইদৰে চিকিৎসা ব্যৱস্থাৰ শ’লঠেকত পৰি বহুদিনলৈ দৰব বন্ধ কৰি ৰখা বাবে তেওঁ একেবাৰে অচল হৈ পৰিল৷ পিছলৈ যেনিবা আকৌ গুৱাহাটিলৈ আনি চলিব পৰা কৰিলোঁ৷
প্রকৃততে চিকিৎসা শাস্ত্রত হেনো এংকালজিং স্পণ্ডিলাইটিছৰ সঠিক চিকিৎসা নাই৷ ইয়াক নিয়ন্ত্রিত কৰিহে ৰাখিব পাৰি৷ যিয়ে যেনেকৈ পাৰে অতি কষ্টৰে উপার্জন কৰা ধনবোৰ খৰচ কৰালে যদিও একো সুফল নাপালে৷ বহুতো মানুহে হয়তো এনেদৰে চিকিৎসা ব্যৱস্থাৰ সঠিক গাইড নোহোৱাবাবে টকা পইচা খৰচ কৰিও একো সুফল নাপাই অৱশেষত চিকিৎসাৰ বিকল্পৰে স্বাস্থ্য সাধনা কৰিবলৈ লয়৷ তন্ত্র–মন্ত্র, ওজালি, বেজালিৰে ৰোগ নিৰাময়ৰ সপোন দেখা লোক এই অসমতে বহুতো আছে৷ কাৰণ হয়তো এইবোৰেই৷ গতিকে চিকিৎসা শৰীৰৰ আৰোগ্যৰ বাবে যিমান প্রয়োজনীয়, তাতকৈ আগতে প্রয়োজন তাৰ ব্যৱস্থাবোৰৰ বিষয়ে জ্ঞান আহৰণ কৰাটো৷ চিকিৎসা ব্যৱস্থাৰ জ্ঞান অবিহনে বর্তমান চিকিৎসা কৰিবলৈ গ’লে ভৰিব লাগে অযথা ধন৷ লগতে সুফলৰ আশাও সামান্য৷ একেটা ৰোগৰ একে চিকিৎসাৰ বাবে বিভিন্ন চিকিৎসালয়ত বেলেগ বেলেগ খৰচৰ পৰিমাণ৷ গতিকে সঠিক ব্যৱস্থাৰ বাবে পৰামর্শৰ প্রতি সজাগতাইহে আজিৰ দিনত চিকিৎসাৰ বিকল্পৰ পৰা বচাই উচিত চিকিৎসাৰে আৰোগ্য কৰিব পাৰে৷