সুকন্যাত গল্প : শ্লীপিং পিল
লুকুমা আইজনী
–দেউতা মোৰ আঙুলিটো শ্লীপিং পিলৰ টেমাটোতে থাকিল৷ লৈ আহাচোন, মই গল্প এটা লিখিব লাগে৷
মোৰ সোঁহাতৰ তর্জনী আঙুলিটো কেতিয়াবা মই বিচাৰি নাপাওঁ৷ কিবা এটা লিখাৰ পৰত দেখো হাতত মাত্র চাৰিটা আঙুলি৷ তাতে আকৌ তর্জনী আঙুলিটো নাথাকিলে মোৰ হাতৰ বুঢ়া আঙুলিটোৰো শক্তি নাইকিয়া হৈ যায়৷ বুঢ়া আঙুলি আৰু তর্জনী আঙুলিটো দুয়ো বৰ শক্তিশালী যদিও ইটো সিটোৰ ওপৰত নির্ভৰশীল৷ সেইবাবে তর্জনী নাথাকিলে বুঢ়াই মোহ–মায়া ত্যাগ কৰি হৰিৰ নাম লৈ থাকে৷
আচলতে এই তর্জনী আঙুলিটোৰ বাবে মোৰ বৰ দিগদাৰ হয়৷ কিবা এটা কাম কৰোঁ বুলি কৰিব নোৱাৰোঁ, কিবা এটা লিখোঁ বুলি লিখিব নোৱাৰোঁ, কিবা এটা কওঁ বুলি ক’ব নোৱাৰো–
কিবা এটা কওঁ বুলি ক’ব নোৱাৰো?
এৰা, কওঁ বুলিলেই ক’ব নোৱাৰোঁ৷ এই সক্ষমতাখিনিৰ বাবেইতো তর্জনীয়ে পলাই ফুৰে মোৰ হাতখনৰ পৰা৷ মোৰ কণ্ঠ মোৰ হাতত আছে৷ সেয়ে তর্জনী আঙুলিটোৱে নিজৰ শক্তিক লুকুৱাই ৰাখিবলৈ মোৰ পৰা পলাই ফুৰে৷
‘বুঢ়া আঙুলিৰ বৰ বুদ্ধি চপাই আঁটি ধৰে
তর্জনীৰ তর্জন–গর্জন কোনে সহিব পাৰে৷’
সেইবাবেইতো মৰণ৷ ইহঁতৰ এই শক্তিখিনিৰ বাবে সময়বোৰ অসহনীয় হৈ যায়৷ তর্জনী আৰু বুঢ়া আঙুলিটোৰ বাবেই মই কেতিয়াবা বিপদত পৰিম বুলি ইহঁতৰ ভয় হয়৷ কাৰণ বাস্তৱক তুলি আনিব পৰাকৈ এই আঙুলি দুটা বৰ শক্তিশালী৷
কেইদিনমান আগত এটা কবিতা লিখোঁ বুলি কাগজ–কলম উলিয়াই লৈ দেখিছেছা মোৰ হাতত তর্জনী আঙুলিটো নাই৷ মই আকৌ আঙুলিটো বিচাৰি আনি মোৰ কণ্ঠৰ বাবে হাজিৰাত লগালোঁ৷
তর্জনী আঙুলিটোৱে নিজৰ কাম কৰাত লাগিল ঠিকেই, কিন্তু কবিতাটো লিখিবলৈ আৰম্ভ কৰাৰ আগত আঙুলিটোৱে মোক ক’লে–
‘নিজৰ কণ্ঠক ইমানো শক্তিশালী হ’বলৈ নিদিবা যে এদিন তোমাৰ এই শক্তিখিনিৰ বাবেই তুমি বিপদৰ মুখ দেখিবলগীয়া হ’ব৷’
তর্জনী আঙুলিটোৱে কোৱা এই কথাষাৰ আজিও মোৰ কাণত বাজি থাকিল৷
মোৰ হাতৰ তর্জনী আঙুলিটোৰ যেন কাৰো লগত কোনো সম্পর্ক নাই, ক’ত কি ঘটি আছে সেইবোৰক লৈ কোনো লেনা–দেনা নাই৷ কেৱল আঙুলিটো মোৰ হাতৰ পৰা আঁতৰি গৈ শ্লীপিং পিলৰ টেমাটোত সোমাই বাৰে বাৰে পিল এটা উলিয়াই আনিবলৈ যত্ন কৰি থাকে৷ এখন জেচিবিৰ দৰে৷ সেই পিলটো মোৰ শৰীৰলৈ পঠিয়াই দিয়াৰ বাবে আপ্রাণ চেষ্টা কৰে মোৰ তর্জনী আঙুলিটোৱে৷ মই প্রতিদিনেই এটাকৈ শ্লীপিং পিল খাওঁ৷ শ্লীপিং পিল খালে মই চলি থাকিব পাৰোঁ৷ কিন্তু তর্জনী আঙুলিটোৱে নোৱাৰে, অনবৰতে ছটফটাই থাকে৷ বাৰে বাৰে শ্লীপিং পিলৰ টেমাটোত সোমায় আৰু এটা পিল আনি মোৰ হাতত দিব খোজে৷
আৰু এটা শ্লীপিং পিল৷
আৰু এটা শ্লীপিং পিল৷
শ্লীপিং পিলটো খালে যে মোৰ ভাল টোপনি আহে বা ভাল টোপনি আহিবলৈয়ে যে মই পিলটো খাওঁ এনে নহয়৷ সাৰে থকা সময়খিনিতো টোপনি ভাব এটা যে থাকে, সেইখিনিৰ বাবে শ্লীপিং পিলটো খাবলৈ মই কোনোদিনেই নাপাহৰোঁ৷ সাৰে থকাৰ সময়তো টোপনি টোপনি ভাব এটা যে লগতেই থাকে, সেয়া মই খুব ভাল পাওঁ৷ একো ভাবিব নোৱাৰি যে৷ কি যে সুখকৰ সময় এয়া৷ লাহে লাহে জঠৰ হৈ অহা মগজুৰ শক্তিখিনিৰ পৰা আৰম্ভ কৰি শৰীৰটো লেহুকা হৈ কেৱল টোপনিকে বিচাৰি থকা এই সময়খিনি মোৰ বাবে খুব আৰামদায়ক৷
টোপনিয়াই থকা সময়খিনিতেই মই কিজানি খুব শান্তিত জীয়াব পাৰোঁ৷ মাত্র সেই সময়খিনিতেই মই মোৰ পৰা আঁতৰি থাকিব পাৰোঁ৷ মাত্র সেই সময়খিনিতেই মই মোৰ বাবে অপৰিচিত হৈ ৰ’ব পাৰোঁ৷
লাহে লাহে জঠৰ হৈ অহা মোৰ হাত দুখন,
লাহে লাহে লেহেমীয়া হৈ অহা মোৰ খোজবোৰ,
মৰহি অহা মোৰ চিন্তা কৰিব পৰা শক্তিখিনি৷
এইখিনিৰ বাবেই শ্লীপিং পিল দিনে এটাকৈ খাব কেতিয়াও নাপাহৰোঁ৷
মোৰ হাত দুখন লাহে লাহে জঠৰ হৈ অহাৰ লগে লগে মোৰ কণ্ঠও কিছু সময়ৰ বাবে ৰুদ্ধ হৈ পৰে৷ কণ্ঠই যেতিয়া অচল হৈ পৰে তেতিয়া আৰু আনৰ জগৰ লগোৱা কথা কোৱাৰ অৱকাশেই বা ক’ত৷ বিতর্ক৷ বিতর্কৰ পৰাও মুক্ত৷
কণ্ঠ মোৰ ৰুদ্ধ৷
লাহে লাহে লেহেমীয়া হৈ আহে মোৰ খোজবোৰ৷ পলমকৈ উপস্থিত হওঁ আভিজাত্যৰ সমদলত, মিথ্যাৰ সত্যতা প্রতিপন্ন কৰিবলৈ কাঠগৰাত মোক উঠোৱা নহয়৷ কাৰণ মোৰ খোজ লেহেমীয়া৷ মোৰ খোজ লেহেমীয়া হৈ অহাৰ আগত মোৰ শৰীৰৰ অংগ–প্রত্যংগবোৰো অচল হৈ আহে৷ অচল হৈ অহা শৰীৰটোৱে মনত নাৰাখে দানৱৰ খহটা হাতৰ স্পর্শ, শৰীৰৰ মাপ লোৱা দানৱীয় তীক্ষ্ণ চকুবোৰৰ পৰিচয়৷ শৰীৰ মোৰ অচল৷
খোজ মোৰ লেহেমীয়া৷
চিন্তাশক্তিৰ তীক্ষ্ণতাই কুটি কুটি খাবলৈ এৰি দিয়ে৷ তাৰ পিছত বুকুৰ ধপ্ধপ্নিবোৰ কমি আহে৷ হঁাওফাঁও বোলা বুকুৰ মোনা দুখনে উশাহবোৰ গিলি থ’ব পাৰে৷ উশাহবোৰ গভীৰ হয়৷ আৱেগবোৰে মোক চুব নোৱাৰে৷ ভাববোৰ–দুশ্চিন্তাবোৰ্ শুকুলা কোমল ডাৱৰ হৈ উৰি যায়, মোৰ পৰা আঁতৰলৈ৷
মোক কুটি খাবলৈ এৰে৷
মোৰ তর্জনী আঙুলিটোৱে এই সকলোবোৰ জানে আৰু এয়াও জানে যে এদিন নহয় এদিন মোৰ কণ্ঠই মোৰ গতিক ঘপিয়াইহে এৰিব৷
মোৰ ছটফটনি দেখি তর্জনী আঙুলিটোৱে মোৰ হাতত আৰু এটা শ্লীপিং পিল তুলি দিবলৈ ছটফটায়৷
এটা শ্লীপিং পিল খালে মই সাৰে থাকোঁ৷ অগ্ণিৰ ফোঁৱাৰাবোৰ লাহে লাহে শান্ত হৈ অহা মই অনুভৱ কৰোঁ৷ মই অনুভৱ কৰোঁ বাবেই মোৰ উশাহবোৰ জুয়ে পোৰে৷
মই আকৌ ছটফটাব খোজেজা, কিন্তু ছটফটাব নোৱাৰোঁ৷ শৰীৰটো যে অচল হৈ আহে৷ ছটফটনিটো অনুভৱ কৰিব পৰাকৈ সাৰে থাকোঁ বাবেই তর্জনী আঙুলিটোৱে আকৌ এটা শ্লীপিং পিল মোৰ হাতত তুলি দিব খোজে৷ কিজানি দুটাকৈ পিল খালে মই ভালকৈ টোপনি যাব পাৰোঁ৷
কিন্তু এই যে এটা শ্লীপিং পিল খালে সাৰে থকা সময়খিনিত টোপনি টোপনি ভাব এটা অনবৰতে লাগি থাকি মগজুটোক সম্পূর্ণকৈ সক্রিয় হৈ থাকিবলৈ নিদিয়ে, এইখিনিৰ বাবেই প্রতিদিনেই শ্লীপিং পিল একোটা গিলা পর্বটো মোৰ প্রিয় হৈ পৰিছে৷
মাজে মাজে মন গ’লেই কিবা এটা লিখিব খোজেজা, কিন্তু লিখিবলৈ হাততহে শক্তি অলপো নাথাকে৷ লিখাৰ সময়ত প্রায়েই তর্জনী আঙুলিটোক শ্লীপিং পিলৰ টেমাটোৰ ভিতৰৰ পৰা উলিয়াই আনিবলগীয়া হয়৷ সেয়ে কিবা এটা লিখোঁ বুলি ভাবিও থমকি ৰওঁ৷
ছিঙি পৰাৰ পিছত কিছু সময়লৈকে ছটফটাই থকা জেঠীৰ নেজডাল দেখিছেনে আপোনালোকে? বর্তমান ঠিক তেনেদৰেই মোৰ পঢ়া টেবুলত দেউতাই বিচাৰি আনি থৈ যোৱা মোৰ তর্জনী আঙুলিটোৱেও ছটফটাই আছে৷
‘দেউতা আজি গধূলি বজাৰলৈ বুলি ওলাই যাওঁতে লগত মোৰ প্রেচক্রিপচনখনো লৈ যাবাচোন টোপনিৰ দৰবকেইটা শেষ হ’বৰ হৈছে৷’
তর্জনী আঙুলিটো হাতখনত লগাই লৈ হাতত থকা অকণমান শক্তিৰেই এ–ফৰ ছাইজৰ কাগজখনত ঠিক মাজমানত লিখিবলৈ আৰম্ভ কৰিলোঁ৷
গল্পৰ শিৰোনাম
–শ্লীপিং পিল
সন্ধিয়াৰ এন্ধাৰএটোপালমান মোৰ সন্মুখৰ খিৰিকীখনেৰে সোমাই অহাৰ পৰত মোৰ গল্পটো লিখা শেষ হ’ল৷ মোৰ ছটফটনিবোৰ কমিছে এতিয়া৷ গল্প লিখাৰ ছটফটনি৷ ক’ব খোজা সকলো কথা ক’ব পাৰিম বুলি ভাবি মোৰ পৰা পলাই ফুৰা তর্জনী আঙুলিটোৰ ছটফটনি৷ বক্ বক্কৈ উতলি অহা শাৰীৰিক যন্ত্রণাৰ অচল ছটফটনি৷
অচল–অৱশ হৈ টেবুলখনৰ পৰা উঠি আহি দেউতাৰ ফোনটো লৈ মেইল কৰি পঠিয়াই দিলোঁ, এইমাত্র লিখি শেষ কৰা কেঁচা তেজৰ চেঁকুৰা লাগি থকা গল্পটি৷
এইমাত্র লিখি শেষ কৰা গল্পটি পুনৰ পঢ়ি চোৱা নহয়৷ আকৌ এবাৰ যদি পঢ়ি চাওঁ ক’ত কথা যে মচি পেলাম তাৰ হিচাপ নাথাকিব৷
গল্প এটা লিখাৰ পৰত যিমান সাহসী হৈ থাকো, দ্বিতীয়বাৰ গল্পটো পঢ়ি চাই তাৰ কণ্ঠক দুর্দান্ত কৰি তোলাৰ সাহসিকতা নাথাকে৷
কাহানিও কোৱা নহ’ব বুলি ভবা কথাবোৰ কেতিয়াবা নিজৰ পৰা লুকাই–চুৰকৈ লিখি পেলাঁও বাবেই মই এবাৰ লিখি উঠাৰ পিছত সেই গল্পটি দুনাই পঢ়ি নাচাওঁ৷
সেয়ে বাপ্পেকে পঠিয়াই দিলোঁৱে কাকতলৈ৷
গল্পটিৰ প্রাণ প্রতিষ্ঠা কৰাৰ যজ্ঞ শেষ হ’ল৷
তথাপি–৷
শৰীৰত যে অকস্মাৎ পিনে বিন্ধাৰ দৰে এটা বিষ হয়৷ ঠিক তেনেকুৱাকৈয়ে মোৰ মাজত এক উকমুকনিৰ সৃষ্টি হ’বলৈ ধৰিলে৷ তেতিয়ালৈ এন্ধাৰৰ সৰু সৰু টোপালবোৰ ডাঙৰ হ’বলৈ ধৰিছিলেই৷ দেউতাই এন্ধাৰৰ টোপালবোৰৰ ওজন জুখি, বাহিৰৰ গ্রীলখনত তলা লগাই থৈ আহিলে৷ সৌ দূৰত কুকুৰৰ জয়াল চিঞৰবোৰ ভাহি আহি মোৰ কাণত পৰিছে৷ লগতে মোৰ কাণত আহি পৰিছে মোৰ গল্পটোৰ চিঞৰ–
‘মোক তুমি ন্যায় দিব নোৱাৰিলা৷ গল্প হিচাপে তোমাৰ পৰা যিখিনি দাবী কৰাৰ অধিকাৰ মোৰ আছিল সেইখিনি দাবী কৰিবলৈ নিদিলে তোমাৰ এই তর্জনী আঙুলিটোৱে৷ তুমি গল্পকাৰ হিচাপে মোক ন্যায় দিব নোৱাৰিলা৷’
পিনে বিন্ধা বিষটোৰ দৰে কথাষাৰে মোৰ কাণখনত কুটকুটাই থাকিল৷
গতিকে তাৰ পৰা পৰিত্রাণ বিচাৰি সম্পাদকলৈ মেইল কৰিলোঁ–
‘শ্রদ্ধাৰ সম্পাদক মহোদয়, নমস্কাৰ গ্রহণ কৰিব৷ আপোনাৰ দ্বাৰা সম্পাদিত কাকতলৈ ‘শ্লীপিং পিল’ শীর্ষক গল্পটি পঠিয়াইছিলোঁ যদিও সেই গল্পটিক লৈ মই নিজেই সুখী হ’ব পৰা নাই৷ গতিকে সেই প্রকাশৰ বাবে বিবেচিত নকৰে যেন৷
গল্পটি পুনৰ সম্পাদিত ৰূপত প্রেৰণ কৰিবলৈ মই আগ্রহী৷
পুনৰ শ্রদ্ধাৰে–’
পোহৰৰ অসাৰতা অনুভৱ কৰি ক্ষণ গণি থাকোঁতে থাকোঁতে গল্পটিয়ে কেতিয়াও সম্পাদনাৰ মুখ নেদেখিলে৷
শ্লীপিং পিলে ক্রমে মোৰ স্নায়ুতন্ত্রক অসাৰ কৰি আনি আছে৷
এতিয়া মোৰ তর্জনী আঙুলিটোও অসাৰ হৈ পৰি থাকিবলৈ লৈছে৷
এতিয়া কণ্ঠ মোৰ সঁচাকৈয়ে ৰুদ্ধ৷
ফোনঃ ৯১০১২–১৭৯৯১