হোৱাইট হাউছলৈ পুনৰ ট্ৰাম্পৰ প্ৰত্যাৱৰ্তন, মোদীৰ শুভেচ্ছা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলত জয়লাভ কৰিছে ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে। ফক্স নিউজৰ তথ্য অনুসৰি ড’নাল্ড ট্ৰাম্পে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে। ট্ৰাম্পে ২৭৭টা আৰু ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী কমলা হেৰিছে ২২৬টা নিৰ্বাচনী কলেজৰ ভোট লাভ কৰে। অনিশ্চয়তা আৰু মেৰুকৰণৰ মাজতে ২০২৪ চনৰ আমেৰিকাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী কমলা হেৰিছে প্ৰথমবাৰৰ বাবে আমেৰিকাৰ মহিলা ৰাষ্ট্ৰপতি হোৱাৰ সম্ভাৱনা আছিল। অৱশ্যে ট্ৰাম্পতকৈ বহু পিছ পৰি ৰৈ গল তেওঁ। দ্বিতীয়বাৰৰ বাবে হোৱাইট হাউছত প্ৰৱেশ কৰিব ড’নাল্ড ট্ৰাম্পে। নির্বাচনৰ প্রাক প্রচাৰ অভিযানত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ট্ৰাম্প দুটা হত্যাৰ চেষ্টাৰ পৰা ৰক্ষা পৰে, ইয়াৰে এটাত তেওঁ আহত হয়। মাত্ৰ তিনি মাহ পূৰ্বে উপ-ৰাষ্ট্ৰপতি হেৰিছ দলটোৰ অভাৱনীয় প্ৰাৰ্থী হৈ পৰিছিল। নিৰ্বাচনত বিজয়ৰ পিছতে আমেৰিকাৰ জনসাধাৰণক ধন্যবাদ জনাইছে ট্ৰাম্পে। তেওঁ কয়, নিৰ্বাচনত বিজয়ৰ সিদ্ধান্ত লোৱাৰ পিছতে আমেৰিকাৰ জনসাধাৰণক ধন্যবাদ জনাইছোঁ। তেওঁ কয়, “মানুহে অসম্ভৱ বুলি ভবা কাম আমি কৰিলোঁ।” দেশৰ সকলো সমস্যা সমাধান কৰিব বুলি ট্ৰাম্পে কয়। লগতে তেওঁ কয় যে তেওঁ আমেৰিকাক আকৌ এবাৰ মহান কৰি তুলিব। আলাস্কা, নেভাদা আৰু এৰিজোনাত জয়ী হোৱাটো মোৰ বাবে ডাঙৰ কথা। ট্ৰাম্পে কয় যে মই আমেৰিকাৰ জনসাধাৰণৰ পৰিয়াল আৰু তেওঁলোকৰ ভৱিষ্যতৰ বাবে যুঁজিম। আগন্তুক ৪ বছৰ আমেৰিকাৰ বাবে গুৰুত্বপূৰ্ণ। শেষত তেওঁ কয় যে ভগৱানে এই দিনটোৰ বাবে মোৰ জীৱন ৰক্ষা কৰিলে। এয়া আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ দৰ্শনীয় জয়। ট্ৰাম্পে ইলন মাস্কক প্ৰশংসা কৰি কয় – ইলন এজন তাৰকা। ট্ৰাম্পৰ বিজয়ৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড’নাল্ড ট্ৰাম্পক নিৰ্বাচনী ঐতিহাসিক জয়ৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ঐতিহাসিক নিৰ্বাচনী জয়ৰ বাবে মোৰ বন্ধুক আন্তৰিক অভিনন্দন। আপুনি আপোনাৰ পূৰ্বৰ কাৰ্যকালৰ সফলতাসমূহৰ ওপৰত নিৰ্মাণ কৰাৰ লগে লগে ভাৰত-আমেৰিকাৰ সৰ্বাংগীন বিশ্বব্যাপী আৰু কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে আমাৰ সহযোগিতা নবীকৰণৰ বাবে মই আগ্ৰহী। নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত দিয়া বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পৰ সফলতাক ঐতিহাসিক বুলি অভিহিত কৰাৰ লগতে দুয়োখন দেশৰ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্ব শক্তিশালী কৰাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ মতে ট্ৰাম্পৰ এই সফলতা দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে এক শক্তিশালী ভেটি।