কাঠেৰে নির্মিত বিশ্বৰ প্রথমটো উপগ্রহ মহাকাশলৈ প্রেৰণ
🔹 আন্তর্জাতিক মহাকাশ কেন্দ্রলৈ পৰীক্ষামূলক উৎক্ষেপণ
🔹‘নাছা’ৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা প্রেৰিত ‘লিগনোছেট’ৰ আকাৰ মাত্র ১০ চেণ্টিমিটাৰ
নিউজ ডেস্ক, ৮ নৱেম্বৰ : মহাকাশ বিজ্ঞানত চমকপ্রদ পদক্ষেপ৷ বিশ্বৰ প্রথম কাঠেৰে নির্মিত কৃত্রিম উপগ্রহ মহাকাশলৈ প্রেৰণ কৰা হৈছে৷ জাপানৰ দ্বাৰা বিকশিত কাঠেৰে নির্মিত কৃত্রিম উপগ্রহটো আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থা নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হৈছে৷ পৰীক্ষণমূলক বাকচ আকৃতিৰ এই কৃত্রিম উপগ্রহটোৰ আকাৰ মাত্র ১০ চেণ্টিমিটাৰ৷ আন্তর্জাতিক মহাকাশ কেন্দ্র (আইএছএছ)ৰ পুনৰ যোগান অভিযানৰ অংশ হিচাপে কাঠেৰে নির্মিত লিগনোছেট নামৰ উপগ্রহটো জাপানৰ কি’টো বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দল এটাই বিকশিত কৰিছে৷ কেনেডি স্পেচ চেণ্টাৰৰ পৰা স্পেচএক্স ৰকেটৰ দ্বাৰা কাঠেৰে নির্মিত উপগ্রহটো মহাকাশলৈ প্রেৰণ কৰি মহাকাশ অভিযানত পৰীক্ষণমূলক পদক্ষেপ গ্রহণ কৰিলে৷ লিগনোছেট বিকাশত গুৰুত্বপূর্ণ ভূমিকা লোৱা ছুমিট’মো ফৰেষ্ট্রীৰ মুখপাত্রই প্রকাশ কৰা মতে, কাঠেৰে নির্মিত কৃত্রিম উপগ্রহটো সফলতাৰে উৎক্ষেপণ কৰা হৈছে৷ যথা নির্ধাৰিত সময় মতেই আইএছএছত প্রৱেশ কৰিব আৰু এমাহ পিছত ইয়াৰ পৰা আঁতৰি আহিব৷ কৃত্রিম উপগ্রহটোৱে মহাকাশৰ বিভিন্ন তথ্য গৱেষকলৈ প্রেৰণ কৰি থাকিব৷