নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএছএলত আজি নর্থ-ইষ্টৰ সন্মুখত বেংগালুৰু

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ গুৱাহাটীত ক্রমাগত তিনিখন মেচ খেলি অন্তিম দুখনত চমকপ্রদ জয়েৰে আত্মবিশ্বাস তুংগত থকা নর্থ–ইষ্ট ইডনাইটেড এফচিয়ে আজি বেংগালুৰুৰ কান্তি ৰাভা ষ্টেডিয়ামত হ’ব লগা চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ মেচখনত পইণ্ট তালিকাৰ শীর্ষত থকা ঘৰুৱা দল বেংগালুৰু এফচিৰ বিৰুদ্ধে খেলিব৷ উভয় দলৰ বাবে এয়া লীগৰ অষ্টমখন মেচ৷ নর্থ–ইষ্ট ইডনাইটেডো নিজৰ সফলতা আৰু শক্তিক লৈ আত্মবিশ্বাসী৷ অন্তিম মেচ দুখনত দলে জামছেদপুৰ আৰু ওড়িশা এফ চিৰ বিৰুদ্ধে দমনীয় খেল খেলিছে৷ সাতখন মেচৰ তিনিখনত জয়, দুখনত ড্র আৰু দুখনত পৰাস্ত হৈ ১১ পহণ্টেৰে নর্থ–ইষ্ট ইডনাইটেড পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে৷ মেচখনৰ সন্দর্ভত নর্থ–ইষ্ট ইডনাইটেডৰ মুখ্য প্রশিক্ষক জুৱান পেড্র’ বেনালী কয়, ‘বাহিৰত খেলাৰ চাপ আমাৰ দলত নাই৷ যেতিয়া আমি খেলৰ পিছত আমাৰ অনুৰাগীসকলক হাঁহি থকা দেখিবলৈ পাওঁ সেয়া আমাৰ বাবে অমূল্য৷ আমি সেই কামৰ বাবেই দৰমহা পাওঁ৷ প্রতিখন মেচৰ বাবে সম্পূর্ণ সপ্তাহ আমি কাম কৰো লগতে সকলোখিনি দিওঁ৷’

You might also like