ডাৰবানত আজি প্ৰটিয়াজ বাহিনীৰে টীম ইণ্ডিয়াৰ প্রথম টি-২০
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ যুৱ খেলুৱৈৰে সমৃদ্ধ টীম ইণ্ডিয়াই দক্ষিণ আফ্রিকাত জয়েৰে অভিযান আৰম্ভ কৰাৰ লক্ষ্য লৈছে৷ ঘৰুৱা দল দক্ষিণ আফ্রিকা আৰু টীম ইণ্ডিয়াৰ মাজৰ চাৰিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজি ডাৰবানত অনুষ্ঠিত হ’ব৷ যুৱ খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলটোৰ বাবে এই শৃংখলাটো বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ শৃংখলাটোত ভাৰতীয় দলটোক নেতৃত্ব দিব সূর্য কুমাৰ যাদৱে৷ উল্লেখ্য যে বিগত টি–২০ বিশ্বকাপৰ ফাইনেলৰ পিছত প্রথমবাৰৰ বাবে দুয়োটা দলে পৰস্পৰৰ মুখামুখি হ’ব৷ অৱশ্যে বিশ্বকাপৰ ফাইনেলত অংশগ্রহণ কৰা কেইবাগৰাকীও তাৰকা খেলুৱৈ অবিহনে দুয়োটা দলে আজিৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ শৃংখলাটোত ভাগ ল’ব৷ টি–২০ শৃংখলাটোত ভাৰতীয় দলটোৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব অধিনায়ক সূর্য কুমাৰ যাদৱৰ লগতে হার্দিক পাণ্ডিয়া, অক্ষৰ পেটেল আৰু অর্শদীপ সিঙৰ ওপৰত৷ দলটোৰ এই চাৰিগৰাকী খেলুৱৈৰ বাহিৰে বাকীসকল নৱাগত৷ শৃংখলাটোত টীম ইণ্ডিয়াৰ প্রতিভাৱান অ’পেনাৰ অভিষেক শর্মাৰ ওপৰত সকলোৰে দৃষ্টি নিবন্ধ থাকিব৷ ইফালে সঞ্জু ছেমছন, ৰিংকু সিং, তিলক বার্মা আৰু জিতেশ শর্মাৰ বাবে এই শৃংখলাটো বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ ভাৰতীয় দলটোত স্থান নিগাজি কৰাৰ বাবে যুৱ খেলুৱৈসকলে এই শৃংখলাটোত উন্নত প্রদর্শন দাঙি ধৰাৰ এক সুবর্ণ সুযোগ লাভ কৰিছে৷ ইফালে শৃংখলাটোত ভাৰতীয় দলটোত নৱাগত হিচাপে স্থান লাভ কৰিছে ৰমনদীপ সিং, যশ দয়াল আৰু বিজয় কুমাৰ বৈকাছ৷ ইফালে ঘৰুৱা দল দক্ষিণ আফ্রিকাই তাৰকা খেলুৱৈ কাগিছ’ ৰাবাডা, এনৰিচ নর্টজে, টাব্রাইজ ছামছি আৰু কুইণ্টন ডি ক’ক অবিহনে শৃংখলাটোত ভাগ ল’ব৷ এই কেইগৰাকী তাৰকা খেলুৱৈৰ অনুপস্থিতিত অধিনায়ক এইডেন মার্কৰাম, হেনৰিচ ক্লাছেন, ডেভিড মিলাৰ, মার্কো জানছেন আৰু কেশৱ মহাৰাজৰ ওপৰত দক্ষিণ আফ্রিকাৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব৷
খেলৰ সময়ঃ নিশা ৮.৩০ বজা