আশাত চেঁচাপানী ঢালি পাকিস্তানলৈ নোযোৱাৰ সিদ্ধান্ত টীম ইণ্ডিয়াৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ চেম্পিয়নছ ট্ৰফী ২০২৫ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডক ডাঙৰ আঘাত দিলে টীম ইণ্ডিয়াই। এক খবৰ অনুসৰি ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ নাযায়। ডুবাইত খেলিব পাৰিব টীম ইণ্ডিয়াই। অৱশ্যে ইয়াৰ আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই। প্ৰতিবেদন অনুসৰি ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডেও পাকিস্তানলৈ নোযোৱাৰ কাৰণ দাঙি ধৰিছে। নিৰাপত্তাৰ কাৰণ উল্লেখ কৰিছে বিচিচিআইয়ে। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক খবৰ অনুসৰি অহা বছৰ অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দল পাকিস্তানলৈ নাযায়। শেহতীয়াকৈ বিচিচিআইয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সৈতে কথা পাতিছে। ইয়াত বিচিচিআইয়ে নিৰাপত্তাৰ কাৰণ উল্লেখ কৰিছে। ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব। ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে পাকিস্তান ভ্ৰমণ কৰিছিল। ইয়াৰ পিছত টীম ইণ্ডিয়াৰ বিষয়েও বহু আলোচনা হৈছিল। কিন্তু এতিয়া এটা খবৰ আহিছে যিয়ে পাকিস্তানক স্তম্ভিত কৰিব। খবৰ অনুসৰি পাকিস্তানে চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতক পতিয়ন নিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। কিন্তু কাম নহ’ল। পিচিবিয়েও প্ৰস্তাৱ দিছিল যে টীম ইণ্ডিয়াই পাকিস্তানত খেল খেলি ভাৰতলৈ ঘূৰি আহিব লাগে। ইয়াৰ লগত জড়িত আন আন পৰামৰ্শও দিয়া হয়। কিন্তু বিচিচিআইয়ে নিৰাপত্তাজনিত কাৰণত সকলো প্ৰস্তাৱ নাকচ কৰে। টীম ইণ্ডিয়া পাকিস্তানলৈ নোযোৱাৰ বাবে পিচিবি ডাঙৰ আঘাতৰ সন্মুখীন হ’ব। ইয়াৰ ফলত পাকিস্তানৰ আৰ্থিক ক্ষতিও হ’ব। চেম্পিয়নছ ট্ৰফীৰ ঠিক আগতে পাকিস্তানে নিজৰ ষ্টেডিয়ামত বহু কাম কৰিছে। নতুনকৈ প্ৰস্তুত কৰা হৈছে। ইয়াৰ বাবে আইচিচিয়েও ধন মুকলি কৰিছিল। টীম ইণ্ডিয়াই নিজৰ চেম্পিয়নছ ট্ৰফীৰ সকলো মেচ ডুবাইত খেলিব। ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ বিষয়েও আলোচনা হৈছিল। কিন্তু বিচিচিআইয়ে ডুবাইৰ প্ৰস্তাৱ দিছে। গতিকে এতিয়া চেম্পিয়নছ ট্ৰফী ২০২৫ হাইব্ৰিড মডেলত আয়োজন কৰিব।