নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৰত হ’বলগীয়া চেম্পিয়নছ ট্রফীৰ অনুষ্ঠান বাতিল

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ ভাৰতৰ আপত্তিৰ বাবে বিপাঙত পৰিছে ইণ্টাৰনেচনেল ক্রিকেট কাউন্সিল (আইচিচি)৷ বাতিল কৰা হৈছে চেম্পিয়নছ ট্রফীৰ অনুষ্ঠান৷ কাইলৈ লাহোৰত অহা বছৰৰ প্রতিযোগিতা উপলক্ষে এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ কিন্তু ভাৰতীয় ক্রিকেট ব’র্ডে ৰোহিত শর্মাহঁতক পাকিস্তানলৈ নপঠিয়াই বুলি জনাই দিয়াৰ পিছত সেই অনুষ্ঠান বাতিল কৰিছে আইচিচিৰ কর্তৃপক্ষই৷ উল্লেখ্য যে ২০২৫ চনৰ ১৯ ফেব্রুৱাৰীৰ পৰা ৯ মার্চলৈ চেম্পিয়নছ ট্রফী পাকিস্তানত অনুষ্ঠিত হোৱাৰ কথা৷ পাকিস্তানলৈ দল পঠিওৱাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ আপত্তিৰ কথা আইচিচিক মৌখিকভাৱে জনাইছিল বিচিচিআই কর্তৃপক্ষই৷ হাইব্রীড মডেলত প্রতিযোগিতা আয়োজনৰ দাবীও কৰা হৈছিল৷ এনে পৰিস্থিতিত ভাৰতীয় দলৰ মেচসমূহ ক’ত অনুষ্ঠিত হ’ব সেয়াও অনিশ্চিয়তাত৷ জটিলতা আঁতৰ কৰিবলৈ বিচিচিআই আৰু পাকিস্তান ক্রিকেট ব’ৰ্ডৰ কর্মকর্তাৰ সৈতে আলোচনা কৰিছে আইচিচিৰ কর্মকর্তাই৷ প্রতিযোগিতা আৰম্ভ হ’বলৈ ১০০ দিন বাকী থকা উপলক্ষে লাহোৰত কাইলৈ এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ কিন্তু পৰিৱর্তিত পৰিস্থিতিত সেই অনুষ্ঠান বাতিল কৰা হৈছে৷ আইচিচিৰ এজন কর্মকর্তাই প্রকাশ কৰিছে যে প্রতিযোগিতাৰ সূচী চূড়ান্ত কৰা হোৱা নাই৷ আয়োজক আৰু আন অংশগ্রহণকাৰী দেশবোৰৰ সৈতে সূচী সম্পর্কে এতিয়াও আলোচনা চলি আছে৷ সূচী চূড়ান্ত হ’লে নির্দিষ্ট পদ্ধতি অনুসৰি ঘোষণা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ অৱশ্যে কি কাৰণত লাহোৰৰ অনুষ্ঠান বাতিল কৰা হৈছে সেই কথা আনুষ্ঠানিকভাৱে জনোৱা নাই আইচিচিয়ে৷ এই প্রসংগত পাকিস্তান ব’ডৰ অধ্যক্ষ মহচিন নকভীয়ে কৈছে যে তেওঁলোকৰ অৱস্থান অতিশয় স্পষ্ট৷ কোনো দেশে পাকিস্তানলৈ দল পঠিয়াব নিবিচাৰিলে লিখিতভাৱে নির্দিষ্ট কাৰণ জনাব লাগিব৷ এই পর্যন্ত হাইব্রীড মডেলত প্রতিযোগিতা আয়োজনৰ বিষয়ে তেওঁলোকৰ সৈতে কোনো আলোচনা হোৱা নাই বুলিও তেওঁ জানিবলৈ দিয়ে৷ প্রাথমিক সূচী অনুসৰি, ভাৰতৰ প্রথমখন মেচ ২০ ফেব্রুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱাৰ কথা আছিল৷ ইয়াৰ পিছত ২৩ ফেব্রুৱাৰীত নিউজিলেণ্ড আৰু ১ মার্চত পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ণ হোৱাৰ কথা আছিল ৰোহিত বাহিনীৰ৷ ভাৰতীয় দলৰ আটাইবোৰ মেচ লাহোৰত আয়োজন কৰিব বুলি জানিব পৰা গৈছিল৷ কিন্তু বিচিচিআয়ে পাকিস্তানলৈ দল নপঠিওৱাৰ সিদ্ধান্ত গ্রহণ কৰাত পৰিস্থিতিয়ে অন্য ৰূপ লয়৷ উল্লেখ্য যে ভাৰতীয় দলৰ পাকিস্তান ভ্রমণক লৈ আৰম্ভণিৰ পৰাই সংশয় আছিল৷

You might also like