নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ বছৰ পিছত অষ্ট্রেলিয়াৰ মাটিত এদিনীয়া শৃংখলা জয় পাকিস্তানৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ ধাৰাবাহিক ব্যর্থতাৰ পিছত পাকিস্তান ক্রিকেটে অষ্ট্রেলিয়াৰ মাটিত কিছু পৰিমাণে হ’লেও অক্সিজেন লাভ কৰিলে৷ ২২ বছৰ পিছত অষ্ট্রেলিয়াৰ মাটিত এদিনীয়া শৃংখলা জয় কৰিলে পাকিস্তানে৷ তিনিখন মেচৰ শৃংখলাত অন্তিম মেচত মহম্মদ ৰিজ’ৱানৰ দলে ৮ উইকেটত বিজয় সাব্যস্ত কৰে৷ প্রথমে বেটিং কৰি অষ্ট্রেলিয়াই ৩১.৫ অভাৰত ১৪০ ৰান কৰে৷ প্রত্যুত্তৰত ২৬.৫ অভাৰতে ২ উইকেটত ১৪৩ ৰান কৰি সহজ বিজয় সাব্যস্ত কৰে পাকিস্তানে৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে প্রথমখন এদিনীয়াত পৰাস্ত হোৱাৰ পিছত পৰৱর্তী দুয়োখন মেচত জয়লাভ কৰি শৃংখলা দখল কৰে পাকিস্তান দলে৷ অৱশ্যে মেচখনত অষ্ট্রেলিয়াই জ’ছ ইংলিছৰ নেতৃত্বত যুৱ দলটোক খেলিবলৈ নমায়৷ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীৰ পূর্বে অষ্ট্রেলিয়াই পেট কামিনছ, ষ্টিভ স্মিথ, ট্রেভিছ হেডহঁতক বিশ্রাম দিয়ে৷ উল্লেখ্য যে পাকিস্তানৰ অধিনায়কৰ দায়িত্ব বাবৰ আজমৰ পিছত ৰিজ’ৱানৰ ওপৰত ন্যস্ত কৰা হয়৷ তাৰ পিছত সাফল্যৰ মুখ দেখে দলটোৱে৷ একেৰাহে ব্যর্থতাৰ পিছত সমালোচিত পাকিস্তানৰ ক্রিকেটাৰসকলৰ দাবী আছিল যে এটা মাত্র বিজয়ে সকলো সলনি কৰি দিব পাৰে৷ ফিটনেছ, পার্ফমেন্সক লৈ সকলো প্রত্যুত্তৰ দিয়াৰ বাবে অষ্ট্রেলিয়াৰ বিৰুদ্ধে শৃংখলাটোকে নির্বাচিত কৰে শ্বাহিন আফ্রিদী, বাবৰ আজমহঁতে৷

You might also like