অযোধ্যাৰ মন্দিৰত ৰামলালাৰ বাবে প্রস্তুত শীতৰ পোছাক
🔹 হাড় কঁপোৱা জাৰৰ বাবে মন্দিৰ কর্তৃপক্ষই সলনি কৰিব খাদ্য
নিউজ ডেস্ক, ১২ নৱেম্বৰ : উত্তৰ ভাৰতৰ হাৰ কঁপোৱা শীতৰ কথা সকলোৰে জ্ঞাত৷ মন্দিৰৰ পুৰোহিত তথা ভক্ত সকলোৱে জানে শীতৰ কথা৷ গতিকে অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাকো সাধাৰণ পোছাকত ৰখা নাযাব৷ সেইবাবে বিশেষভাৱে নক্সা প্রস্তুত কৰি সাজু কৰা হৈছে ভগৱানৰ বাবে শীতৰ পোছাক৷ আনকি সৰযু তীৰৰ শীতপ্রৱাহৰ কথা ভাবি খাদ্যাভ্যাসতো পৰিৱর্তন অনাৰ সিদ্ধান্ত লৈছে মন্দিৰ কর্তৃপক্ষই৷ মন্দিৰ কর্তৃপক্ষই সদৰী কৰা অনুসৰি, ৰামলালাৰ বাবে গৰম পোছাক প্রস্তুত কৰিছে দিল্লীৰ পোছাক শিল্পীসকলে৷ ২০ নৱেম্বৰত যাৱতীয় ৰীতি মানি ৰামলালাৰ শৰীৰত পিন্ধাই দিয়া হ’ব এই বিশেষ শীতৰ পোছাক৷ ইয়াৰ উপৰি থাকিব পছমিৰ শ্বলো৷ মন্দিৰৰ দুমহলাত আছে ৰামলালাৰ ৩ ভাতৃ আৰু হনুমানৰ বিগ্রহ৷ তেওঁলোকৰ বাবেও প্রস্তুত কৰা হৈছে শীতৰ পোছাক৷ অকল পোছাকেই নহয়, ভগৱানৰ খাদ্যতো পৰিৱর্তন অনা হৈছে৷ ২০ নৱেম্বৰৰ পৰা ৰামলালাৰ থালত দৈ দিয়া নহ’ব৷ ইয়াৰ বিপৰীতে ৰাবৰি আৰু শুকান ফল দিয়া হ’ব বুলি জানিব পৰা গৈছে৷ ইয়াৰ উপৰি অযোধ্যাৰ তীব্র শীতৰ কথা ভাবি প্রতিদিনে গৰম পানীৰে বিগ্রহক স্নান কৰোৱা হ’ব৷ গর্ভগৃহত হিটাৰ ৰখাৰো ব্যৱস্থা কৰা হৈছে৷ অর্থাৎ শীতৰ আগমনৰ লগে লগে ৰাম মন্দিৰত ব্যাপক পৰিৱর্তন আনিব মন্দিৰ কর্তৃপক্ষই৷৷