কবৰস্থানৰ তলৰ সুৰংগত ওলাল অস্ত্রভাণ্ডাৰ
🔹 ভিডিঅ’ মুকলি কৰিলে সেনাই
🔹 কেইবাসপ্তাহ লুকাই থাকিব পৰাকৈ সুৰংগত আছে খাদ্য–সামগ্রীও
নিউজ ডেস্ক, ১২ নৱেম্বৰ : লেবাননত হিজবুল্লাই খন্দা একাধিক গোপন সুৰংগৰ সন্ধান পাইছে ইজৰাইলী সেনাই৷ পৰহি ইজৰাইলী সেনাই সদৰী কৰিছে যে সেই সুৰংগবোৰত মজুত কৰি ৰখা হৈছিল আগ্নেয়াস্ত্র, গোলা–বাৰুদ আৰু ৰকেট৷ পৰহি সেই ভূগর্ভস্থ সুৰংগৰ ভিডিঅ’ পোহৰলৈ আনিছে ইজৰাইলী প্রতিৰক্ষা বাহিনী (আইডিএফ)–এ৷ সেই ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে এক কবৰস্থানৰ তলত খন্দা হৈছে প্রায় ১০০ মিটাৰ দৈর্ঘ্যৰ সুৰংগ৷ সেই সুৰংগত থাকে থাকে আগ্নেয়াস্ত্র মজুত কৰি ৰখা হৈছে৷ সুৰংগৰ ভিতৰত আছে একাধিক কক্ষ, স্নানাগাৰ, গুদামঘৰ আৰু পানীৰ টেংক৷ প্রায় কেইসপ্তাহমান লুকাই থাকিব পৰাকৈ খাদ্য–সামগ্রীও ৰখা হৈছে এই সুৰংগত৷ আইডিএফে দাবী কৰিছে যে গোপন সুৰংগ খান্দি আগ্নেয়াস্ত্র মজুত কৰিছিল হিজবুল্লাই৷ ছেপ্টেম্বৰত লেবাননত আক্রমণ আৰম্ভ হোৱাৰ পিছৰে পৰা একাধিক স্থানত এই ধৰণৰ গোপন সুৰংগৰ সন্ধান লাভ কৰিছে ইজৰাইলী বাহিনীয়ে৷ এই সুৰংগবোৰৰ দৈর্ঘ্য ২৫ৰ পৰা ১০০ মিটাৰৰ ভিতৰত৷ প্রতিটো সুৰংগতে আছে বিভিন্ন ধৰণৰ আগ্নেয়াস্ত্র৷ স্মর্তব্য যে যোৱা এমাহৰো বেছি সময় ধৰি লেবানন আৰু ইজৰাইলৰ মাজত সংঘর্ষ অব্যাহত আছে৷ আকাশী পথৰ পৰা আক্রমণ চলোৱাৰ উপৰি স্থলপথেৰে লেবাননত প্রৱেশ কৰিও ইজৰাইলী সেনাই অভিযান চলাইছে৷