সুকন্যা : অন্ধকাৰ পৃথিৱীত আশাৰ পোহৰ ডালিমী ৰাজবংশী
দিগন্ত শর্মা
এখন ব্যতিক্রমী পাণদোকান৷ য’ত গ্রাহকে নিজেই সামগ্রী ল’ব লাগিব, সামগ্রীৰ বিনিময়ত ধন দি যদি ওভতাই পাবলগীয়া থাকে, সেয়াও দোকানৰ গৰাকীৰ টকা থোৱা ঠাইৰ পৰা গ্রাহকজনেই ল’ব লাগিব৷ কেতিয়াবাহে হয়তো দোকানৰ গৰাকীয়ে গ্রাহকক এটকা, দুটকা বা পাঁচটকীয়া মুদ্রা ঘূৰাই দিব পাৰে সেই দোকানখনত৷ পাণ–তামোল, চিপ্ছ, বিসুকট, চকলেট, পাণমচলা আদিকে ধৰি বিভিন্ন সামগ্রী উপলব্ধ এই দোকানখন এনেদৰে চলি আছে যে কোনো গ্রাহকে কোনোদিনে ওভতাই পাবলগীয়া ধন অতিৰিক্তকৈ নিয়া নাই বা দোকানৰ গৰাকীয়ে কেতিয়াবা হিচাপতকৈ অতিৰিক্ত পৰিমাণে ধন ওভতাই দিলেও গ্রাহকে পুনৰ ধন ঘূৰাই দি থৈ যায়৷ কোনো অসুবিধা নোহোৱাকৈ দীর্ঘদিন ধৰি এনেদৰেহ এই বিশেষ পাণদোকানখন পৰিচালনা কৰি আহিছে এগৰাকী দৃষ্টিহীন যুৱতী ডালিমী ৰাজবংশীয়ে৷ দৰং জিলাৰ পশ্চিমাঞ্চলৰ তথা দৰং-ওদালগুৰি আৰু তামুলপুৰ জিলাৰ সীমাৰ অন্যতম ব্যৱসায়-বাণিজ্যৰ কেন্দ্রস্থল আন্ধেৰীঘাটৰ মাজমজিয়াত থকা এই পাণদোকানখন পৰিচালনা কৰি ডালিমীয়ে ঊর্ধ্বমুখী কৰিছে পৰিয়ালৰ অর্থনৈতিক উত্তৰণ৷ আন্ধেৰীঘাটৰ সমীপৰ ২নং বৈনাৰা গাঁৱৰ এটা দৰিদ্র পৰিয়ালৰ কন্যা ২৪ বছৰীয়া ডালিমীৰ এই দোকানখনেই পৰিয়ালটোৰ বর্তমান জীৱিকাৰ উৎস৷ গাঁওখনৰ ধনেশ্বৰ ৰাজবংশী আৰু পুতুলী ৰাজবংশীৰ কন্যা এগৰাকী দৃষ্টিহীন যুৱতীয়ে পৰিয়ালৰ দৰিদ্রতা, অভাৱগ্রস্ততা আঁতৰাবৰ বাবে চলাইছে দোকানখন৷
ডালিমীয়ে পৃথিৱীৰ পোহৰ নেদেখিলেও ঘৰখনৰ দৰিদ্রতাৰ অন্ধকাৰ আঁতৰাবলৈ দিনৰ দিনটো দোকানতে ব্যস্ত থাকি যেন জ্বলাই ৰাখিছে এগছি আশাৰ চাকি৷ উল্লেখ্য যে চাৰি বছৰ আগলৈকে ডালিমীৰ পিতৃ ধনেশ্বৰ ৰাজবংশীয়ে কাপোৰ চিলাই কৰা কাম কৰি পৰিয়াল পোহপাল দিছিল যদিও ক’ভিডকালীন পৰিস্থিতিত সেই কাম বন্ধ হৈ পৰে৷ লগতে তেওঁৰ দৃষ্টিশক্তিও হ্রাস পোৱাত কাপোৰ চিলাই কৰা কাম ত্যাগ কৰিবলগীয়া হয় আৰু আন কাম কৰিবলৈও অপাৰগ হৈ পৰে৷ তেনে সময়তে ডালিমীৰ মাতৃ পুতুলী ৰাজবংশীয়ে আন্ধেৰীঘাটত আৰম্ভ কৰে পাণদোকানখন৷ মাতৃৰ সৈতে প্রথমে ডালিমীয়ে দোকানত কেইদিনমান থকাৰ পাছত ক্রমশঃ ডালিমীয়েই দোকানখন পৰিচালনা কৰিবলৈ লয়৷ যথেষ্ট আত্মপ্রত্যয়েৰে কম সময়ৰ ভিতৰতে ডালিমীয়ে দোকানখন পৰিচালনাৰ কাম আয়ত্ত কৰে৷ ইয়াৰ মাজতে ডালিমীৰ পিতৃ ধনেশ্বৰ ৰাজবংশী ৰোগাক্রান্ত হয়৷ দোকানৰ মূলধন ব্যয় কৰি পিতৃৰ চিকিৎসা কৰায় যদিও দীর্ঘদিনৰ অসুস্থতাৰ অন্তত পিতৃৰ মৃত্যু হয়৷ ইয়াৰ বাবে কিছুদিন দোকান বন্ধ ৰাখে যদিও পুনৰ দোকান আৰম্ভ কৰে দৃষ্টিহীন যুৱতীগৰাকীয়ে৷ সম্প্রতি ডালিমীয়ে দোকানখনৰ দায়িত্ব অধিক দৃঢ়তাৰে চম্ভালি লোৱাত পৰিয়ালটোৰ সকাহ হৈছে৷ আর্থিক দিশো প্রগতিৰ দিশে ধাৱিত হৈছে৷ উল্লেখ্য যে জীৱনৰ প্রথম দুটা বছৰ ডালিমীয়ে দেখিছিল পৃথিৱীৰ পোহৰ৷ সমনীয়াৰ সৈতে খেলিছিল, বাই–ভনীৰ সৈতে উমলিছিল৷ কিন্তু তিনি বছৰ বয়সতে এক বিশেষ ৰোগত আক্রান্ত হোৱাত ডালিমীক চিকিৎসাৰ বাবে অভিভাৱকে প্রথমে গোৰেশ্বৰ অঞ্চলৰ স্থানীয় চিকিৎসকৰ ওচৰলৈ নিয়ে৷ সেই চিকিৎসকৰ ঔষধ ব্যৱহাৰ কৰাৰ পাছতে তিনি বছৰীয়া ডালিমীৰ দৃষ্টিশক্তি হ্রাস পাবলৈ ধৰে৷ ইয়াৰ পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ পিতৃ–মাতৃয়ে লৈ যায় যদিও সুফল নাপালে৷ কণমানি ডালিমীৰ চকুৰ ৰোগৰ চিকিৎসা কৰাৰ বাবে ধনৰ প্রয়োজন হোৱাত খেতি কৰা মাটি বিক্রী কৰিবলগীয়া হয়৷ কিন্তু দীর্ঘদিন চিকিৎসা কৰাৰ পিছতো ডালিমীৰ হেৰুওৱা দৃষ্টিশক্তি ঘূৰি নাহিল৷ এই সন্দর্ভত ডালিমীৰ মাতৃ পুতুলী ৰাজবংশীয়ে এই প্রতিবেদকক কয়, ‘মাটি বিক্রী কৰি পোৱা টকাৰে ডালিমীৰ চিকিৎসা কৰিছিলোঁ কিজানিবা চকু দুটি ভাল হয়, কিন্তু নহ’ল৷ অৱশেষত হাতৰ ধনো শেষ হ’ল৷ চিকিৎসাৰ নামত মাটি বিক্রী কৰি কোনোমতে ভেটিটোহে ৰ’লগৈ৷ শেষত ডালিমীৰ দেউতাকে কাপোৰ চিলাই কৰা কাম কৰিছিল৷ কিন্তু সেয়াও এদিন বন্ধ হৈছিল৷ এতিয়া মানুহজনো নাহ৷ বর্তমান সৰু দোকানখনেই সম্বল হৈছে৷ ডালিমীয়ে দোকানখন পৰিচালনা কৰাৰ বাবে যথেষ্ট সকাহ হৈছে৷ পিছে দোকানখনত অধিক প্রয়োজনীয় সামগ্রী ৰাখিবলগীয়া আছে৷’ আনহাতে, ডালিমীয়ে এই প্রতিবেদকক ক’লে, ‘বর্তমান মোৰ দোকান চলাবলৈ অসুবিধা নহয়৷ হাতেৰে স্পর্শ কৰিলে প্রায়বোৰ পইচা ধৰিব পাৰোঁ৷ কিন্তু কেতিয়াবা গ্রাহকক বেছিকৈ ধন ঘূৰাই দিলে গ্রাহকেই ওভতাই দি থৈ যায়৷ আত্মসাৎ নকৰে৷ কেতিয়াবা বিশেষ পৰিস্থিতিত মই ওচৰৰে কাপোৰ ব্যৱসায়ী অর্জুন ৰাজবংশী নামৰ যুৱকজনক মাতি দিওঁ৷ তেওঁ আহি পইচা হিচাপ কৰাত সহায় কৰে৷’
তাৎপর্যপূর্ণ যে দৃষ্টিশক্তি হেৰুৱায়ো প্রবল আত্মপ্রত্যয়েৰে আর্থিক উন্নয়নৰ বাটেৰে আগবাঢ়ি যোৱা ডালিমী হৈ পৰিছে আনৰ বাবেও প্রেৰণাৰ উৎস৷ পৰিয়ালৰ দৰিদ্রতা, অভাৱগ্রস্ততা আঁতৰাবলৈ দৃষ্টিহীন হৈয়ো ডালিমী ৰাজবংশীয়ে কষ্টকৰ সংগ্রাম আৰু প্রবল আত্মবিশ্বাসেৰে আর্থিক উত্তৰণৰ যাত্রাৰ আগৰণুৱাৰূপে বাট বুলিছে৷ বহু দিব্যাংগই ভিক্ষাৰ পাত্র লৈ ফুৰাৰ বিপৰীতে ডালিমীৰ দৰে এগৰাকী যুৱতীয়ে দৃষ্টিশক্তি হেৰুওৱাৰ পাছতো আত্মবিশ্বাসেৰে প্রশস্ত কৰিছে আর্থিক প্রগতিৰ পথ৷ আনৰ ওচৰত হাত নাপাতি মর্যাদা দিছে আত্মসন্মানক৷ পোহৰ নেদেখা এগৰাকী দিব্যাংগ হৈয়ো দোকান পৰিচালনা কৰি বিধৱা মাতৃক দিছে সকাহ৷ অভাৱে জুৰুলা কৰা পৰিয়ালৰ হৈ ডত্তৰণৰ যুঁজ দি আগুৱাহ গৈছে৷ ডালিমীৰ বাবে এই পৃথিৱী সদায় অন্ধকাৰ যদিও মাতৃৰ কঠোৰ জীৱনযাত্রাত ডালিমীয়েই হৈ পৰিছে আশা–ভৰসাৰ সমুজ্জ্বল পোহৰ৷
ফোনঃ ৮৬৩৮৬–৯৮৪৫০