মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ পানামাৰ প্ৰতিযোগীক
🔹 প্ৰেমিকৰ লগত হোটেলত নৈশ যাপনৰ ‘শাস্তি’
নিউজ ডেস্ক, ১২ নৱেম্বৰ : পানামাৰ এগৰাকী প্ৰতিযোগীক মিছ ইউনিভাৰ্ছৰ মঞ্চৰ পৰা বহিষ্কাৰ কৰা হয়। তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ নিয়ম ভংগ কৰি প্ৰেমিক থকা হোটেললৈ গৈ নৈশ যাপন কৰিছিল। সেইবাবেই তেওঁক প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰা হয়। যদিও মিছ ইউনিভাৰ্ছৰ আয়োজকসকলে এই বিষয়ে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই। জানিব পৰা মতে, ১৯ বছৰীয়া ইটালী মোৰাই পানামাক প্ৰতিনিধিত্ব কৰি মিছ ইউনিভাৰ্ছত অংশগ্ৰহণ কৰিছিল। কিন্তু প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰাই তেওঁ বিতৰ্কৰ মাজত সোমাই পৰে। মোৰাই দাবী কৰে যে মিছ ইউনিভাৰ্ছ পানামাৰ আয়োজকসকলে তেওঁৰ বাবে উপযুক্ত কাপোৰৰ ব্যৱস্থা কৰা নাছিল। সেয়ে বাধ্য হৈ তেওঁৰ প্ৰেমিক জুয়ান আবাডিয়াই ৭ হাজাৰ ডলাৰ খৰচ কৰি প্ৰতিযোগিতাত পিন্ধিবলৈ কাপোৰ কিনিছিল। মিছ ইউনিভাৰ্ছৰ আয়োজকসকলে এই কথা জানি আৰম্ভণিৰে পৰাই ক্ষুব্ধ হৈ পৰিছিল। মিছ ইউনিভাৰ্ছৰ নিয়ম অনুসৰি প্ৰতিযোগীসকলে প্ৰেমিকৰ সৈতে একেখন হোটেলত থাকিব নোৱাৰে। কিন্তু মোৰাই সেই নিয়ম ভংগ কৰে। লগে লগে তেওঁক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰি দিয়া হয়। অৱশ্যে মোৰাৰ ব্যক্তিগত ‘অপৰাধ’ৰ বাবেই তেওঁক প্ৰতিযোগিতাৰ পৰা বাদ দিছে বুলি আয়োজকসকলে জনায়। সপোন এনেদৰে ভাঙি যোৱা বাবে মোৰা হতাশ হৈ পৰে। অৱশ্যে প্ৰতিযোগিতা এৰি যোৱাৰ আগতে প্ৰেমিকজন তেওঁৰ লগত নাথাকিলে এই পৰিস্থিতি চম্ভালিবলৈ অতি কঠিন আছিল বুলি তেওঁ কয়। নিয়ম নজনাকৈয়ে ভুল কৰা বুলি মোৰাই স্বীকাৰ কৰে। মন কৰিবলগীয়া যে এইবাৰৰ মিছ ইউনিভাৰ্ছত ১৩০খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। মেক্সিকো চহৰত আয়োজিত এই প্ৰতিযোগিতাৰ ফাইনেল ১৬ নৱেম্বৰত অনুষ্ঠিত হ’ব। কিন্তু ফাইনেলৰ মাত্ৰ চাৰি দিন পূৰ্বে মোৰাক বহিষ্কাৰ কৰা হয়।