নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেঞ্চুৰিয়ানত আজি দক্ষিণ আফ্ৰিকাৰে টীম ইণ্ডিয়াৰ তৃতীয় টি-২০

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ নৱেম্বৰঃ ঘৰুৱা দল দক্ষিণ আফ্রিকা আৰু টীম ইণ্ডিয়াৰ মাজৰ চাৰিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ তৃতীয়খন মেচ আজি চেঞ্চুৰিয়ানত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাটোৰ প্রথমখন মেচত টীম ইণ্ডিয়াই আৰু দ্বিতীয়খন মেচত দক্ষিণ আফ্রিকাই জয়লাভ কৰাৰ পিছত কাইলৈৰ মেচখন দুয়োটা দলৰ বাবে বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ শৃংখলাটোত অগ্রগতিৰ লক্ষ্যৰে খেলপথাৰত নামিব যদিও মেচখনৰ পূর্বে বেটিং ব্যর্থতাই চিন্তাত ৰাখিছে ভাৰতীয় দলটোক৷ দেওবাৰে হৈ যোৱা দ্বিতীয়খন মেচত ভাৰতীয় দলটোৰ বেটাৰসকলে নিজৰ ছন্দ অনুসাৰে খেলাত সম্পূর্ণৰূপে ব্যর্থ হৈছিল৷ আগশাৰীৰ বেটাৰসকল সম্পূর্ণৰূপে ব্যর্থ হোৱাত মেচখনত ভাৰতে বৃহৎ স্ক’ৰ সংগ্রহ কৰাত ব্যর্থ হয় আৰু পৰাজয় বৰণ কৰিবলগীয়া হয়৷ মেচখন সন্দর্ভত টীম ইণ্ডিয়াৰ অধিনায়ক সূর্য কুমাৰ যাদৱে কয় যে আমি আমাৰ শ্রেষ্ঠ প্রদর্শন দাঙি ধৰিব পৰা নাই৷ মোৰ লগতে বাকীসকল বেটাৰেও ক্রিজত অধিক সময় তিষ্ঠিব পৰা নাই৷ আশা কৰিছোঁ আমি বৃহৎ স্ক’ৰ থিয় কৰাব পাৰিব৷ বেটাৰসকলে নিজৰ ছন্দ ওভতাই পাব৷ ইফালে বৰুণ চক্রৱর্তীৰ বলিঙক প্রশংসা কৰি অধিনায়ক সূর্যকুমাৰে কয় যে প্রথমখন মেচৰ লগতে দ্বিতীয়খন মেচতো বৰুণে সুন্দৰ বলিং দাঙি ধৰিছে৷ আশা কৰিছোঁ আজিৰ মেচতো বৰুণে এই ধাৰা অব্যাহত ৰাখিব পাৰিব৷

খেলৰ সময় : নিশা ৮.৩০ বজা৷

You might also like