নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজুৰি আফ্রিকান হাতীৰ সংখ্যা ৭০ শতাংশ হ্রাস

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ নৱেম্বৰঃ চোৰাং চিকাৰীৰ হত্যা আৰু বসতিস্থান হেৰুওৱাৰ বাবে বিশ্বজুৰি বনাঞ্চলৰ হাতীৰ সংখ্যা হ্রাস পাইছে৷ কৃষিভূমি সম্প্রসাৰণৰ বাবে হাতীৰ বসতিস্থান দ্রুত গতিত হ্রাস পোৱাৰ পৰিপ্রেক্ষিতত বিশ্বৰ বৃহত্তম প্রাণীটোৰ সংখ্যাও হ্রাস পাই আহিছে৷ ছাভান্না হাতীৰ সংখ্যা অর্থাৎ আফ্রিকান হাতীৰ সংখ্যা ৭০ শতাংশ হ্রাস পোৱাৰ বিপৰীতে বনাঞ্চলৰ হাতীৰ সংখ্যা গড়ে ৯০ শতাংশ হ্রাস পাইছে৷ বন্যপ্রাণী সংৰক্ষণৰ গৱেষক আৰু বিশেষজ্ঞৰ দল এটাই ১৯৬৪ চনৰ পৰা ২০১৬ চনলৈকে ৩৭খন দেশৰ ৪৭৫টা স্থানত হাতীৰ সংখ্যাৰ জৰীপ চলাইছে৷ এই জৰীপত হাতীৰ সংখ্যা হ্রাস পোৱাটো নিশ্চিত হৈছে৷ চোৰাং চিকাৰীয়ে হত্যা কৰাৰ লগতে হাতীয়ে বসতিস্থল হেৰুওৱাৰ বাবে দিনে দিনে হাতীৰ সংখ্যা হ্রাস পাই আহিছে বুলি গৱেষকৰ দলটোৱে প্রকাশ কৰিছে৷ পৃথিৱীৰ ভূমিত থকা বৃহত্তম স্তন্যপায়ী প্রাণী আফ্রিকান হাতীৰ অতি চতুৰ আৰু সামাজিক বুলি জনা যায়৷ অথচ চোৰাং চিকাৰীয়ে এই হাতী বিভিন্ন কাৰণৰ বাবে হত্যা কৰি আহিছে৷ ঠিক তেনেদৰে কৃষিভূমি সম্প্রসাৰণৰ বাবে বনাঞ্চল ধ্বংস প্রক্রিয়া চলাই থকাত হাতীৰ বসতিস্থল হেৰুৱাইছে৷ পৰিণতিত হাতীৰ সংখ্যাও হ্রাস পাই আছে৷

You might also like